দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতেই অঘটনঃ এজনৰ মৃত্যু...

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতেই অঘটনঃ এজনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতেই অঘটনঃ এজনৰ মৃত্যু...

ডিজিটেল সংবাদ মেৰাপানীঃ নাগালেণ্ডৰ NEEPCO ৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ পাছতেই মেৰাপানীত এক অঘটনৰ খবৰ। বাঢ়নি পানীত বুৰ গৈ মৃত্যু হৈছে এজন লোকৰ।

Advertisment

বৃহস্পতিবাৰে দৈয়াং জল বিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিছিল নীপকোয়ে। ইয়াৰ পাছতেই নৈপৰীয়া ৰাইজৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল গোলাঘাট জিলা প্ৰশাসনে।

গোলাঘাট জিলা প্ৰশাসনৰ আহ্বানৰ পাছতো মাছ ধৰিবলৈ গৈ মৃত্যু ঘটে লোকজনৰ । দৈয়াং নদীৰ বাঢ়নি পানীত সমীপৰ ইটানগৰ বগীবিলত মাছ ধৰা জাল পাতিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিলে লোকজনে। নিহত লোকজন মেৰাপানী কাছমাৰী টনাজানৰ সুৰেণ গগৈ (৬৫)।

নীপকোয়ে পানী এৰাৰ পাছতে দৈয়াং নদীত বৃদ্ধি পাইছিল জলস্তৰ। প্ৰশাসনৰ সতৰ্কতাৰ পাছতো মাছ ধৰাৰ বাবে বিলত জাল পাতি থাকোতেই পানীত বুৰ যায় লোকজন। ইতিমধ্যে স্থানীয় লোকে উদ্ধাৰ কৰিছে ব্যক্তিজনৰ মৃতদেহ।

Also Read: কোকৰাঝাৰত প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বোৱাৰীৰ আত্মহত্যা...

দৈয়াং জলবিদ্যুৎ