কৰুণ: কৰ্মৰত বাছৰ চকাত পৰি মৃত্যু হ'ল হেণ্ডিমেনৰ...

কাজিৰঙাত পথত থকা গৰুক খেদিবলৈ গৈ চলন্ত গাড়ীৰ বাছৰ চকাত সোমাই মৃত্যু হ'ল হেণ্ডিমেনৰ

author-image
Asomiya Pratidin
New Update
কৰুণ: কৰ্মৰত বাছৰ চকাত পৰি মৃত্যু হ'ল হেণ্ডিমেনৰ...

ডিজিটেল ডেস্ক : কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰুণ মৃত্যুক সাবটিলে এজনলোকে। পথত থকা গৰুক খেদিবলৈ গৈ চলন্ত গাড়ীৰ বাছৰ চকাত সোমাই মৃত্যু হ'ল হেণ্ডিমেনৰ। কাজিৰঙাৰ হাতীখুলিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

Advertisment

গুৱাহাটী অভিমুখী নামবৰ নামৰ বাছৰ হেণ্ডিমেন আছিল আলী উপাধিৰ ব্যক্তিজন। হেণ্ডিমেনজনে পথত ৰৈ থকা গৰু খেদোতেই ঘটে এই দুৰ্ভাগ্যজনক ঘটনা। বাছখনৰ খোলা দৰ্জাৰ কাষত থিয় দি গৰু খেদোতেই চলন্ত অৱস্থাত গাড়ীখনৰ পৰা পৰি যায় হেণ্ডিমেনজন ৷

ফলত বাছৰ চকাৰ তলত সোমাই থিতাতে নিহত হয় যুৱকজনৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাছখন জিম্মাত লোৱাৰ লগতে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Also Read: ন্যায় বিচাৰি চৰকাৰক সকিয়নি: বান্দৰদেৱাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল...

kaziranga Assam police