ধন খৰচ নকৰাকৈ উপভোগ কৰিব বিচাৰিছে নেকি কাজিৰঙাৰ সৌন্দৰ্য ? তেন্তে আহক এইখন গাঁৱলৈ...

ধন খৰচ নকৰাকৈ উপভোগ কৰিব বিচাৰিছে নেকি কাজিৰঙাৰ সৌন্দৰ্য ? তেন্তে আহক এইখন গাঁৱলৈ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ ধন খৰচ নকৰাকৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰে নেকি?তেন্তে আপুনি আহিব লাগিব কাজিৰঙাৰ ১ নং শিলডুবি গাওলৈ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ সীমামূৰীয়া এই গাওখন এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে।

কাৰণ গাওঁখনৰ পৰাই উপভোগ কৰিব পাৰি কাজিৰঙাৰ সৌন্দৰ্য, সেউজীয়া শোভা।সেয়েহে গাঁওখনৰ পৰা কাজিৰঙা বিনামূলীয়াকৈ দৰ্শনৰ বাবে ভিৰ কৰে বহুলোকে।গাঁওখনৰ নিচেই সমীপতে দেখা যায় জাকে জাকে পহু,বনৰীয়া ম'হ, গঁড়, হাতীৰ লগতে বহু দেশী বিদেশী পৰিভ্ৰমী চৰাই।

লগতে সৌভাগ্যবান কোনোৱে গাঁওখনৰ পৰা কেতিয়াবা বনৰজাৰো দৰ্শন লাভ কৰিব পাৰে। কিয়নো গাঁওখনৰ গৰু, ছাগলীৰ সন্ধানত প্ৰায়েই অভিযান চলাই বনৰজাই।গাঁওখনত দিন দুপৰতে বনৰজাৰ দৰ্শনো ইতিমধ্যে বহুতৰে হৈছে।

মুঠতে বিগ ফাইভৰ দৰ্শন গাঁওখনৰ পৰাই লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে।সেয়েহে এতিয়া গাঁওখনলৈ ভিৰ বাহিছে পৰ্যটকৰ।গাওঁখনৰ সহজ সৰল গঁঞাই দীৰ্ঘদিনে একপ্ৰকাৰ সহাৱস্থান কৰিছে কাজিৰঙাৰ বন্যজীৱৰ সৈতে।

নিশা গঁড়, হাতীৰ,বনৰীয়া ম'হ,বাঘ গাওখনলৈ প্ৰৱেশ কৰে যদিও সহাৱস্থানৰ কৌশল আয়ত্ত কৰি লৈছে গাওখনৰ লোকসকলে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে গাঁওখনে।BIGFIVE ভিলেজ নামৰ কাজিৰঙাৰ এই গাওঁখন এতিয়া পৰ্যটকৰ বাবে হৈ পৰিছে উৎসুকতাৰ কেন্দ্ৰ।

ধন খৰচ নকৰাকৈ উপভোগ কৰিব বিচাৰিছে নেকি কাজিৰঙাৰ সৌন্দৰ্য ? তেন্তে আহক এইখন গাঁৱলৈ...
''মালদ্বীপ নহয়, লক্ষ্যদ্বীপলৈ যাম'' নেতাৰ পোষ্টৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড- 'বয়কট মালদ্বীপ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in