ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ একমাত্ৰ চৰকাৰী থলুৱা সামগ্ৰীৰ বিপনী আৰ্টফেডত তলা ৷ চৰকাৰৰ নিৰ্দেশনা মতে বন্ধ হৈ পৰিল চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা কাজিৰঙাৰ আৰ্টফেড ৷ এটা সময়ত য’ত থলুৱা সাজপাৰ তথা হস্ত নিৰ্মিত সামগ্ৰী সমূহ ক্ৰয় কৰিব পাৰিছিল দেশী বিদেশী পৰ্যটকে ৷
আটক ধুনীয়াকৈ নিৰ্মান কৰা গৃহত পৰ্যটকৰ চাহিদা পূৰণ কৰিব পৰা এটা প্ৰতিষ্ঠান বন্ধ দিয়াত ক্ৰমে ধ্বংসস্তুপলৈ পৰিণত হৈছে ৰাজহুৱা সম্পত্তি ৷ইয়াকেলৈ কাজিৰঙাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
উত্থাপন হোৱা অভিযোগ মতে কেৱল পঞ্চতাৰকা হোটেল তথা বণিক গোষ্ঠীৰ ব্যয়বহুল আঁচনিৰে কাজিৰঙাৰ পৰ্যটনৰ উন্নয়ন আনিব নোৱাৰি ৷ অসমৰ থলুৱা কৃষ্ট সংস্কৃতিৰ প্ৰসাৰেহে উন্নয়ন সাধন কৰিব পৰ্যটনত ৷এনেক্ষেত্ৰত সকলোৰে দাবী যে পৰ্যটনৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰে অসমৰ সংস্কৃতিক প্ৰতিস্থা কৰাৰ ব্যৱস্থা গ্ৰহন কৰক ৷