কোকৰাঝাৰত বি পি এফৰ বিশাল সভা

কোকৰাঝাৰত বি পি এফৰ বিশাল সভা

ডিজিটেল সংবাদ, কোকৰাঝাৰ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিপিএফ দলে এতিয়াৰ পৰাই ককালত টঙালি বান্ধিছে। বিটিআৰ এলেকাত বিপিএফ দলে নিজৰ সক্ৰিয়তা বৃদ্ধি কৰিছে।

সমান্তৰালকৈ সদস্যভৰ্তি অভিযানত গুৰুত্ব দিয়াৰ লগতে ব্লক,তৃণমূল পৰ্যায়ত সভা অনুষ্ঠিত কৰি তৃণমূল পৰ্যায়ৰ পৰাই দলৰ নেতা-কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে । তাৰেই অংশস্বৰূপে বৃহস্পতিবাৰে বিটিচিৰ ১২ নং ছালাকাটি সমষ্টিৰ অন্তৰ্গত ছালাকাটি ব্লক বিপিএফৰ এখন সাধাৰণ সভা কোকৰাঝাৰ জিলাৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত অনুষ্ঠিত হয় ।

লোকে লোকাৰণ্য হৈ পৰা ছালাকাটি ব্লক বিপিএফৰ সাধাৰণ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী । উক্ত সভাত জিলা আৰু ব্লকৰ পৰ্যায়ৰ প্ৰায়ভাগ নেতা-কৰ্মী উপস্থিত থাকে ।

কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি তথা বিটিচি বিধানপৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত বিপিএফ দলৰ প্ৰতি আকৃষ্ট হৈ দ্বিশতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰে ভিতৰত ইউপিপএল দলৰ ১৮০ জন, বিজেপি দলৰ ৫২ জন আৰু জিএচপি দলৰ পৰা ৪৯ জন লোকে আনুষ্ঠানিকভাৱে বিপিএফত দলত যোগদান কৰে।

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলত নতুনকৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই সম্বৰ্ধনা জনায়। ইপিনে মুখ্য অতিথিৰ ভাষণত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দল শক্তিশালী হৈছে বুলি মন্তব্য কৰি এইমুহুৰ্তত জনসাধাৰণে বিপিএফ দলকে বিচাৰে বুলি মন্তব্য কৰে ।

প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচি চৰকাৰৰ ভুল -ভ্ৰান্তিসমূহ আঙুলিয়াই দিয়ে । আগন্তুক নিৰ্বাচনত কংগ্ৰেছ , বিজেপি বা এ আই ইউ ডি এফ কাৰো সতেই মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দি হাগ্ৰামা মহিলাৰীয়ে।

তেওঁ কয় যে বিপিএফ দল হিচাপে নিৰ্বাচনত অকলেই অবতীৰ্ণ হ'ব আৰু কোকৰাঝাৰ আৰু ওদালগুৰী দুয়োখন আসনতে বিপিএফ দলৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। বিটিআৰত উচ্ছেদ সন্দৰ্ভত কয় যে, এই উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব । মুছলিম সম্প্ৰদায়ৰ ওপৰত বিশেষকৈ উচ্ছেদ হৈ আছে ।

আন জাতি -জনগোষ্ঠীৰ ওপৰত উচ্ছেদ হোৱা দেখা নাযায় । উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব । যদি উচ্ছেদ কৰেও আমি পুণৰ তেওঁলোক একে স্থানতে বহুৱাই দিয়াৰ চেষ্ঠা কৰিম আৰু আমি উচ্ছেদিনৰ কাষত থাকিম বুলি মন্তব্য কৰে ।

ইপিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ শাসনকালত গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল বুলি ইউপিপিএলে কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় ২০০৮ চনত প্ৰদ্যুত বৰা নামৰ কোনোবা এজনে গোচত তৰিছিল ।

পিছত গোবিন্দ বসুমতাৰী আৰু সানজাৰাংঙে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত এই সন্দৰ্ভত স্মাৰকপত্ৰ দিছিল । প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অসম চৰকাৰক আৰু অসম চৰকাৰে বিটিচি চৰকাৰক এই সন্দৰ্ভত জনাইছিল । ইয়াত হাগ্ৰামা মহিলাৰীৰ কোনো অনুমোদন নাই বুলি কয়।

ইয়াৰোপৰি ২০১৯ চনত বিপিএফ দলক নালাগে বুলি কৈ বিজেপি দলে ইউপিপিএলক আদৰি লৈছিল । সেইসময়ত কোনোবা বিষয়াই যদি কিবা কৰিছে নাজানো । আচলতে প্ৰমোদ বড়োৰ লগত থকা গোবিন্দ বসুমতাৰী আৰু সানজাৰাংঙৰ দৰে লোকসকলেই হ'ল উচ্ছেদৰ গুৰিধৰোতা বুলি উল্লেখ কৰে ।

'এইবিষয়ত বেছি বেছি কৰি থাকিলে সকলো ফাদিল কৰিম । মোৰ লগত সকলো তথ্য প্ৰমান আছে' বুলি মহিলাৰীয়ে উল্লেখ কৰে।

আনহাতে হাগ্ৰামা মহিলাৰীয়ে বাগছা জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰ থানাৰ ন্যায়িক আদালত মুছলপুৰৰ পৰা ৰঙিয়া ন্যায়িক ডিভিজনলৈ সলনি কৰা কাৰ্যৰো বিৰোধিতা কৰি পূৰ্বৰ দৰে ৰাখিবলৈ দাবী জনায় । উল্লেখ্য যে আজিৰ সভাখনত জিলা,ব্লক বিপিএফৰ নেতৃবৰ্গ, মহিলা কোষ, যুৱ কোষ , বিএচইউ, বিপিএফ, কোচ ৰাজবংশী , নাথ -যোগী , আদিবাসী , সংখ্যালঘু আদি কোষৰ নেতৃবৰ্গ উপস্থিত আছিল । প্ৰণিধানযোগ্য যে আজিৰ দিনটোতে বালাজান তিনালীত থকা দেবৰগাঁও ব্লক বিপিএফৰ কাৰ্যালয়তো একেধৰণৰ সভা অনুষ্ঠিত কৰিছে বিপিএফ দলে ।

কোকৰাঝাৰত বি পি এফৰ বিশাল সভা
ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰতে চুৰিৰে আক্ৰমণ ব্যৱসায়ীক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in