কাজিৰঙাত অংগনবাদী কেন্দ্ৰৰ দুৰৱস্থা: নূন্যতম সুবিধাও পোৱা নাই শিশুসকলে...

কাজিৰঙাত অংগনবাদী কেন্দ্ৰৰ দুৰৱস্থা: নূন্যতম সুবিধাও পোৱা নাই শিশুসকলে...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : কণ কণ শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে কাজিৰঙাত চৰকাৰে নিৰ্মাণ কৰা অংগনবাদী কেন্দ্ৰ সমূহৰ দুৰৱস্থাৰ দেখিলে শিশু সকলৰ প্ৰতি চৰকাৰৰ দায়িত্ববোধৰ ওপৰত স্বাভাৱিকতে উত্থাপন হ’ব প্ৰশ্ন ৷ বাকচ সদৃশ একোটা কোঠাত শিশু সকলে ল’ব লগীয়া হৈছে জীৱনৰ আদিপাঠ ৷ তাৰো অৱস্থা জৰাজীৰ্ণ ৷

জৰাজীৰ্ণ কোঠাত বিদ্যুৎ যোগানৰ নামতো শক্তি বিভাগে পাতিছে মৰণ ফান্দ ৷ শিশু সকলৰ জীৱনৰ লগত হেতালি খেলি বিপদজনক ভাৱে ওলমি আছে বৈদ্যুতিক তাঁৰ ৷ পিছে বিদ্যুৎ আহিল মিটাৰ বক্সলৈকেহে ৷ কোঠাৰ ভিতৰত সংযোগ ন’হল ফেন বা লাইটৰ ব্যৱস্থা ৷ ফলত উৎকট গৰমত শিক্ষা গ্ৰহন কৰিব লগীয়া হৈছে শিশু সকলে ৷

তদুপৰি অধিকাংশ কেন্দ্ৰত নাই খোৱাপানীৰ ব্যৱস্থা ৷ তাতোতকৈ লজ্জাজনক কথাটো হ'ল যে, শিশু সকলে ব্যৱহাৰ কৰিব পৰাকৈ নাই লেট্ৰিন ৷ আকৌ চৰকাৰে যোগান ধৰা আচবাব সমূহো ব্যৱহাৰৰ অযোগ্য ৷ শিশু সকলৰ খাদ্য যোগান ব্যৱস্থাও অনিয়মীয়া হোৱাত নিয়মীয়া খাদ্যৰ পৰাও বঞ্চিত শিশুসকল ৷ চৰকাৰে এফালে আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ ঢাক-ঢোল বজোৱাৰ বিপৰীত কাজিৰঙাত অংগনবাদী কেন্দ্ৰ সমূহৰ দুৰৱস্থাই প্ৰতিপন্ন কৰিছে শিশুসকলৰ প্ৰতি চৰকাৰৰ অমনোযোগী মনোভাৱক ৷

কাজিৰঙাত অংগনবাদী কেন্দ্ৰৰ দুৰৱস্থা: নূন্যতম সুবিধাও পোৱা নাই শিশুসকলে...
এজাক বৰষুণতেই ডুব গ'ল কচুৱা আদৰ্শ চিকিৎসালয়ৰ চৌহদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in