ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,তুংগত প্ৰস্তুতি

ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,তুংগত প্ৰস্তুতি

ডিজিটেল সংবাদ, কাজিৰঙা : আগন্তুক ৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু ৷ এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

আনহাতে কাজিৰঙাৰ বিভিন্ন স্থানত গজ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থান সমূহ নিৰূপন কৰা হ’ব বুলি মন্তব্য কৰে সঞ্চালক যতীন শৰ্মাই ৷ ইতিমধ্যে কেইবাখনো উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জিলা প্ৰশাসনে স্থান নিৰূপনৰ বাবে কাজিৰঙাৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছে ৷

ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,তুংগত প্ৰস্তুতি
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰৰ আধিপত্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in