ডিজিটেল সংবাদ, কাজিৰঙাঃ বিজেপি দল বৰ্তমান অসমত এটা চৰম বৰ্ণবাদী দললৈ ৰূপান্তৰ হৈছে৷ অসমত বিজেপি দলটোৱে দলৰ মাজৰ আহোম সম্প্ৰদায়ৰ বিজেপি নেতৃত্বক লক্ষ্য কৰি লৈছে৷ যাৰ ফলস্বৰূপে এই লক্ষ্যৰ বলি হৈছে প্ৰাক্তন সাংসদ তথা বিজেপি নেতা ৰাজেন গোঁহাই, লক্ষ্য কোঁৱৰ, প্ৰদীপ হাজৰিকা আদিকে ধৰি বহু আহোম নেতা — এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷
সোমবাৰে কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কথাই প্ৰতি ধৰ্মৰ বিষয় টানি মন্তব্য কৰা বিষয়টোৱে বিজেপিক হে লাভান্বিত কৰিব ৷ গতিকে অসমৰ বিৰোধী সকলে সজাগ সচেতন হৈ মন্তব্য কৰাটো প্ৰয়োজন বুলিও মন্তব্য কৰে ৷
অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক লুটেৰা চৰকাৰ বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে, অসমৰ ১৯ খন জিলাৰ ৪৭ টা অঞ্চলক গাঁৱৰ পৰা নগৰ কৰাৰ প্ৰস্তাৱক সমালোচনা কৰে ৷
অতুল বৰাক এজন ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰি গগৈয়ে কয়, এইজন মন্ত্ৰীৰ দিনত যদি ধানৰ বীজত পৰা সৰিহয় ওলাই তেন্তে বীজ যোগানৰ নামত মাটিমাহৰ কেলেংকাৰী হোৱাটো স্বাভাৱিক৷ৰাজ্যত NEP ৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ উন্নয়ন কৰাৰ বিপৰীতে শিক্ষক সমাজক ড্ৰেচ ক’ডৰ নিয়মেৰে মানসিক হাৰাশাস্তি কৰাটো বন্ধ কৰিবলৈ দাবী জনাই গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে নিজ পত্নী আৰু সন্তানক ড্ৰেচ ক’ড দিয়ক৷