কাজিৰঙাত গোলাপ শইকীয়াৰ অভিনৱ পদক্ষেপ

কাজিৰঙাত গোলাপ শইকীয়াৰ অভিনৱ পদক্ষেপ

ডিজিটেল সংবাদ, কাজিৰঙাঃ চলি আছে কাজিৰঙা পৰ্যটন ২০২৩-২৪ ৷ কেৱল গঁড় হাতীয়েই নহয়,কৃষি পৰ্যটনেও পৰ্যটকৰ পৰা লাভ কৰিছে সমাদৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে থকা ওৱান হৰ্ণ ৰাইন’ নামৰ টুৰিষ্ট কেম্পৰ সমান্তৰালকে পৰ্যটন উদ্যোগীগৰাকীয়ে মনোনিবেশ কৰিছে কৃষিকৰ্মত ৷

বিশাল কৃষিভূমিত কৰা হৈছে ভিন্ন খেতি৷ চালে চকুৰোৱা এই কৃষি ফাৰ্মখনৰ গৰাকী কাজিৰঙা পৰ্যটন উদ্যোগী গোলাপ শইকীয়া ৷ কাজিৰঙাৰ বেজগাঁৱত ৱান হৰ্ণ ৰাইণ’ নামৰ টুৰিষ্ট কেম্পত পৰ্যটকক আপ্যায়ন কৰাৰ উপৰি জীপছীৰে কাজিৰঙাৰ পৰ্যটন উদ্যোগত জড়িত গোলাপ শইকীয়াই সমান্তৰাল ভাৱে চলাই আহিছে কৃষি কৰ্ম ৷

চৰকাৰী চাকৰী তথা সংস্থাপনৰ আশাত বহি নাথাকি নিজক প্ৰতিষ্ঠা কৰাৰ বাবে মানসিক দৃঢ়তা আৰু শাৰীৰিক শ্ৰমক মূলমন্ত্ৰ হিচাবে লৈ কৃষিকৰ্মত মনোনিৱেশ কৰা গোলাপ শইকীয়াই এতিয়া দেখা পাইছে সফলতাৰ পথ ৷

কেৱল জৈৱিক সাৰ প্ৰয়োগ কৰি কৰা কৃষিজাত সামগ্ৰী সমূহেও লাভ কৰিছে উপযুক্ত বজাৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাৰ কৃষি ভূমিত স্বাভাৱিকতে বন্য জীৱজন্তু উপদ্ৰুত যদিও বন বিভাগৰ অনুমতি সাপেক্ষে সৌৰশক্তি চালিত বৈদ্যুতিক বেৰাৰে কৃষিক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে গোলাপে ৷কাজিৰঙাত এনে কৃষিকৰ্মই অনাগত দিনত Agro tourism ৰো সূচনা কৰিব বুলি আশাবাদী গোলাপ শইকীয়া ৷

কাজিৰঙাত গোলাপ শইকীয়াৰ অভিনৱ পদক্ষেপ
নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত বিস্ফোৰণ, প্ৰায় ২২ জনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in