৫ বছৰ কাল বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৰাজেন নাৰ্জাৰীৰ বিৰুদ্ধে চূড়ান্ত ৰায়দান

৫ বছৰ কাল বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৰাজেন নাৰ্জাৰীৰ বিৰুদ্ধে চূড়ান্ত ৰায়দান

ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে চিৰাঙৰ কাজলগাঁৱত শিশু নিৰ্যাতনকাৰীৰ বিৰুদ্ধে বিশেষ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। এটি তিনি বছৰীয়া শিশু কন্যাক নিৰ্যাতন চলোৱা POCSO গোচৰৰ আচামী ৰাজেন নাৰ্জাৰীক কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ বিশেষ আদালতে ২০বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান লগতে দহ হাজাৰ টকা জৰিমনা বিহে।

এই ৰায়দান সন্দৰ্ভত কাজলগাঁও আদালতৰ চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ থানাৰ ১৮/২০১৯ (POCSO) গোচৰৰ কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ বিশেষ আদালতত প্ৰায় ৫বছৰ কাল বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অভিযুক্ত নৰাধম ৰাজেন নাৰ্জাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু দহ হাজাৰ টকা জৰিমনা কৰে ।

উল্লেখ্য যে দহ হাজাৰ টকা জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব বুলি সদৰি কৰিছে অধিবক্তাগৰাকীয়ে।

৫ বছৰ কাল বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৰাজেন নাৰ্জাৰীৰ বিৰুদ্ধে চূড়ান্ত ৰায়দান
ভোট বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে অভয়াপুৰী ৰাইজে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in