ভোট বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে অভয়াপুৰী ৰাইজে...

ভোট বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে অভয়াপুৰী ৰাইজে...
Published on
Updated on

ডিজিটেল সংবাদ, অভয়াপুৰীঃ এইবাৰ দলং নিৰ্মাণ নহ’লে ভোট বৰ্জনৰ হুংকাৰ অভয়াপুৰী ৰাইজৰ। অভয়াপুৰী ছটো বৰজানা সংযোগী গাঞ্জাখোৱা নৈৰ ওপৰত আজি পৰ্যন্ত নিৰ্মাণ নহ'ল এখন দলং। যাৰ বাবে বাৰিষাই হওক বা খৰালিই হওক সকলো সময়তে যাতায়তৰ ক্ষেত্ৰত ৰাইজ একমাত্ৰ নাৱৰ ওপৰত নিৰ্ভৰশীল স্থানীয় ৰাইজ। চৰকাৰ আহে আৰু যায়, কিন্তু সমস্যাৰ সমাধান নহয়।

সেয়ে শুকুৰবাৰে অভয়াপুৰীৰ ছটো বৰজানা পাৰঘাটত গাঞ্জাখোৱা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে পকী দলং নিৰ্মাণ কৰক, পকী দলং আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ৰাজনৈতিক দলৰ নেতাসকলে কেৱল অঞ্চলটোৰ ৰাইজকলৈ ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি স্থানীয় ৰাইজৰ ক্ষোভ।

উল্লেখ্য যে, ছটো বৰজানা গাঁৱৰ দৈনিক হাজাৰ-হাজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীয়েও বিপদ সংকুলভাৱে টুলুকা নাৱৰে যাত্ৰা কৰিব লগীয়া হয়। ৰাইজে বাৰম্বাৰ চৰকাৰক এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

গতিকে অভয়াপুৰী ছটো বৰজানা সংযোগী বাঁহৰ দলংখন বিগত বাৰিষাত বানপানীয়ে উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত দলং নিৰ্মাণ নকৰাৰ প্ৰতিবাদত স্থানীয় ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷

ভোট বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে অভয়াপুৰী ৰাইজে...
ভূপেন বৰাক উভতি ধৰিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in