/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/25f643de-2c41-40ac-988e-91d18ba098e4/b1.jpg)
ডিজিটেল সংবাদ,লামডিঙঃ হোজাই জিলাৰ অন্তৰ্গত পশ্চিম লামডিঙ পঞ্চায়তৰ ১ নং শাস্ত্ৰী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে । জল জীৱন আঁচনিৰ পৰা বঞ্চিত হৈছে গাঁৱবাসী। শাস্ত্ৰী গাঁৱৰ ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক শিবু মিশ্ৰৰ ওচৰত কাতৰ আহ্বান দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ বাবে।
যি সময়ত চৰকাৰে 'হৰ ঘৰ নল হৰ ঘৰ জল' এই আঁচনিৰ বেনাৰ পোষ্টাৰ লগাই ৰাইজক বুজনি দিয়াৰ চেষ্টা চলাইছে তেনেসময়ত দেখা গৈছে পশ্চিম লামডিঙত বিপৰীত দৃশ্য। পশ্চিম লামডিঙ পঞ্চায়তৰ ১ নং শাস্ত্ৰী গাঁৱৰ বহু পৰিয়ালে এই পুখুৰীৰ ওপৰতে নিৰ্ভৰশীল।
তেওঁলোকৰ কাপোৰ ধোৱা, গা ধোৱা ভাত বনোৱা আৰু খোৱা পানীৰ উপৰি দৈনন্দিন কাম কাজৰ বাবে এই পুখুৰীৰ ওপৰতে নিৰ্ভৰশীল। যাৰ বাবে দৈনন্দিন জীৱনত ধাৰণত অঞ্চলটোৰ ৰাইজ বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
Also Read: জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us