আজি কাতি বিহু

আজি কাতি বিহু

ডিজিটেল ডেস্কঃ আজি কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷

কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাব কৃষক ৰাইজে।  উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য  অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু। অসমীয়া ৰাইজে ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত পালন কৰি আহিছে এই বিহু।

 কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে। ফলত মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে। খঙ – ৰাগে আমনি কৰে, অৰ্থনৈতিক কৰ্মৰ প্ৰতি ইচ্ছা হয়। সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ স’তে এনে ধৰ্মীয় নীতি–নিয়মবোৰ সমাজ–ব্যৱস্থালৈ আহিল। শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ। কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰি আহিছে।

আজি কাতি বিহু
মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in