
ডিজিটেল সংবাদ, কঠীয়াতলী:- নগাঁৱৰ কন্দলী আহুতলি গড় গাঁৱৰ পাহাৰৰ নামনিত এটি আঘাতপ্ৰাপ্ত বন্যহস্তী প্ৰতক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰত সমগ্ৰ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে ।
বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীটো কোনো দুষ্ট লোকে আক্ৰমণ কৰাৰ ফলতে আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে ৷ হাতীটোৰ এটা ভৰিত আঘাত পোৱাত যথেষ্ট চিৎকাৰ কৰা পৰিলক্ষিত হৈছে । কঠীয়াতলী বন বিভাগে হাতীটোৰ আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসকৰ লগত যোগাযোগ কৰিছে ।