গোলাঘাটত ৰাষ্ট্ৰীয় একতা দিৱস পালন

গোলাঘাটত ৰাষ্ট্ৰীয় একতা দিৱস পালন

ডিজিটেল সংবাদ, গোলাঘাট: স্বাধীন ভাৰতৰ উপ প্ৰধান মন্ত্ৰী, ভাৰতৰত্ন, লৌহমানৱ, চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো মঙলবাৰে গোলাঘাটত পালন কৰা হয় । গোলাঘাটৰ আৰক্ষীয়ে জিলা প্ৰশাসনৰ সহযোগত আৰু ভাৰতীয় ডাক বিভাগে পুৱা এক সমদল বাহিৰ কৰে ৷ উল্লেখ্যযে সাহসী, ত্যাগী, দেশভক্ত, ৰাষ্ট্ৰবাদী,সতৰ্নিষ্ঠ আদি গুণযুক্ত এগৰাকী বহু প্ৰতিভাশালী ব্যক্তি আছিল চৰ্দাৰ বল্লভভাই পেটেল।

১৮৭৫ চনৰ ৩১ অক্টোবৰত গুজৰাটৰ কৰমচাঁদ নদিয়াদ নামৰ গাৱত জন্ম হোৱা পেটেলৰ পিতৃৰ নাম আছিল ঝাভেৰ ভাই পেটেল আৰু মাতৃৰ নাম আছিল লাড়াবাঈ। তেখেতৰ সম্পূৰ্ণ নাম আছিল বল্লভভাই ঝাভেড় ভাই পেটেল। তেওঁৰ শিক্ষা জীৱন নিজ গাঁৱতেই আৰম্ভ কৰিছিল ১৮৯৩ চনত কৰ্মসদৰ পৰা ৫ কিলোমিটাৰ দূৰৰ গনাগাঁৱৰ দেশাই ভাই পাঞ্জাৱী ভাই পেটেলৰ জী ঝবেৰ বাঈৰ লগত বিবাহ পাশত আবদ্ধ হয়। বল্লভভাই ১৯০০ চনত ওকালতি কৰে।১৯০৩ চনৰ এপ্ৰিল মাহত সু পুত্ৰী মণিবেনৰ জন্ম হয়।

১৯০৯ চনৰ ১১ ফেব্ৰুৱাৰীত মুম্বাইত দুটি সন্তানক এৰি থৈ পত্নীয়ে ইহলীলা সম্বৰণ কৰে। ১৯১০ চনত বেৰিষ্টাৰ পঢ়িবৰ বাবে ইংলেণ্ডলৈ যায় আৰু ১৯১৩ চনৰ ১৩ জানুৱাৰীত বেৰিষ্টাৰত উত্তীৰ্ণ হৈ পুনৰ ভাৰতলৈ উভতি আহে। ১৯১৪ চনৰ ৭ মাৰ্চত তেওঁৰ পিতৃৰ মৃত্যু হয়। তেওঁ ১৯১৬ চনত মহামানৱ মহাত্মা গান্ধীক লগ পাই বহুতো আন্দোলনত অংশ গ্ৰহণ কৰিছিল। বল্লভভাই পেটেলে ১৯১৯ চনৰ ৰাওলাট এক্ট জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছিল।১৯২০ চনত তেওঁ অসহযোগ আন্দোলনত, ১৯৩০ চনত দাণ্ডিযাত্ৰাত অংশগ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই তেওঁ ওকালতি ত্যাগ কৰে।

১৯৩১চনত পেটেলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনটো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল। বল্লভভাই পেটেলৰ কৰ্মপটুতা দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁক চৰ্দাৰ উপাধি আৰু লৌহমানৱ উপাধিৰে বিভূষিত কৰিছিল। চৰ্দাৰ বল্লভভাই পেটেলে জাতি ভেদা -ভেদ ভাল নাপাইছিল।

তেওঁ কৈছিল - "মানুহৰ শৰীৰ মাটিৰ, সেই কাৰণে জাতি ভেদৰ প্ৰয়োজন নাই।" তেওঁ অহিংসাক মূল অস্ত্ৰ হিচাপে লৈছিল, লগতে কৈছিল -"মোৰ অভ্যাস হৈ গৈছে য'ত ভৰি দিওঁ তাৰ পৰা পিছ হুঁহুকি নাহো,য'ত ভৰি দিওঁ উভতি আহিব লগা হ'ব তাত ভৰি দিয়াৰ অভ্যাস নাই। অন্ধকাৰত দৌৰা মোৰ অভ্যাস নাই।" তেওঁ জনসাধাৰণক কৈছিল -"মই কৃষকৰ ল'ৰা, কৃষকৰ মাত ৰসাল নহয়, মোৰ জিভা কুঠাৰৰ দৰে। মোৰ মাতষাৰ কঠোৰ হ'লেও মই সতত আছো, মই কথা ভাল পাওঁ।"

১৯৫০ চনৰ ১২ ডিচেম্বৰত মুম্বাইত স্বাস্থ্য পৰীক্ষা কাৰণে যায়।১৫ ডিচেম্বৰৰ প্ৰাতঃকাল ৯-৩৭ মিনিটত চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু হয়। চৰ্দাৰ বল্লভভাই পেটেলে জনসাধাৰণৰ মাজত একতা ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিল। সেয়েহে তেখেতৰ জন্ম দিনটোক অৰ্থাৎ ৩১ অক্টোবৰ ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ গুজৰাটৰ নৰ্মদা জিলাত নৰ্মদা নদীৰ বুকুত ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ উচ্চ মূৰ্ত্তি একতা মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উৎসৰ্গা কৰা হয়।

গোলাঘাটত ৰাষ্ট্ৰীয় একতা দিৱস পালন
চৰকাৰী বিদ্যালয়ৰ দুৰ্দশা : মাত্ৰ ৪জন শিক্ষকেই পাঠদান কৰি আছে ১৪০গৰাকী ছাত্ৰ-ছাত্ৰীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in