আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কঠিয়াতলীৰ চহা কৃষক

author-image
Asomiya Pratidin
New Update
আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কঠিয়াতলীৰ চহা কৃষক

ডিজিটেল সেৱা, কঠীয়াতলী: আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে পথাৰ ৷ সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা ৷ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাওঁ কঠীয়াতলীৰ কৃষক সকলো এতিয়া ব্যস্ত হৈ হেঁপাহৰ খেতিডৰা চপোৱাত । এই দৃশ্য নগাঁও জিলাৰ কঠীয়াতলীৰ ।

Advertisment

কঠীয়াতলীৰ পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত ৷ বিহুগীত , বিহু নৃত্যৰ লগতে কাঁঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ ৷ সপোনৰ সোনগুটিৰে সোনোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষক সকল । বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমানে ভাল হোৱা বুলি জনাইছে কৃষক ৰাইজে । তথাপিও কৃষকে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই আনন্দিত চহা কৃষক ৰাইজ।

Also Read: পলায়নৰ চেষ্টা কৰোতেই এনকাউণ্টাৰ মন্দিৰ জ্বলাই দিয়া ঘটনাৰ অভিযুক্তক