সামান্য কথাতে কচুৱাত নৃশংস হত্যাকাণ্ড

সামান্য কথাতে কচুৱাত নৃশংস হত্যাকাণ্ড

author-image
Asomiya Pratidin
New Update
সামান্য কথাতে কচুৱাত নৃশংস হত্যাকাণ্ড

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে নগাঁৱৰ কচুৱাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। সৰু ল'ৰা-ছোৱালীয়ে কঠাল গছৰ মুচি চিঙাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ। কচুৱাৰ ২ নং ফাকলিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।

Advertisment

অভিযোগ অনুসৰি কাজিয়াৰ মাজতে আইনুদ্দিনক মাটি খান্দা ৰডেৰে মূৰত আক্ৰমন কৰে আছমত আলিয়ে। এই ঘটনাৰ পাছতে আইনুদ্দিনক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয় আহি পোৱাৰ পূৰ্বে তেওঁৰ মৃত্যু হয়।

একে গাঁৱৰে আছমত আলি,হাসেন আলি,হসমত আলি আৰু মনছুৰ আলিৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে আইনুদ্দিনৰ পৰিয়ালৰলোকে। আনহাতে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰীয়ে।

আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।

Also Read: কোকৰাঝাৰত জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নৃত্য কৰ্মশালাৰ সফল সামৰণি

Assam police