কোকৰাঝাৰত জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নৃত্য কৰ্মশালাৰ সফল সামৰণি

কোকৰাঝাৰত জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নৃত্য কৰ্মশালাৰ সফল সামৰণি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনীৰ সহযোগত বিহু কৰ্মশালা। বালাজান প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত হোৱা সাতদিনীয়া জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালা সোমবাৰে সফলতাৰে সামৰণি পৰে ।

উল্লেখ্য যে জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালাত বিহু নাচৰ লগতে বড়োসকলৰ বাগৰুম্বা নৃত্য, কোচ-ৰাজবংশীৰ কুশান নৃত্য আৰু খেৰাই নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালাত কণ কণ শিশু সহ তিনিশ যুৱতীয়ে অংশগ্ৰহণ কৰে । আজিৰ সামৰণি অনুষ্ঠানত বিহু , বাগৰুম্বা, গোৱালিনী নৃত্য , কুশান নৃত্য প্ৰদৰ্শন কৰা হয় ।

ইপিনে জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে ছাত্ৰ সন্থাৰ উদ্যোগক প্ৰশংসা কৰি এনে অনুষ্ঠানে সম্প্ৰীতি -মিলাপ্ৰীতিৰ আৰু ভাতৃত্ববোধ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে । আজিৰ সামৰণি অনুষ্ঠানত আছুৰ উপ সভাপতি নৱজ্যোতি ৰায় , সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা , নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ , আক্ৰাছু , আছুৰ জিলা কাৰ্যকৰ্তাসকল উপস্থিত আছিল । অনুষ্ঠানৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা হয় ।

প্ৰণিধানযোগ্য যে প্ৰশিক্ষাৰ্থী সকলে আজি উপস্থিত ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা বিহু , বাগৰুম্বা, গোৱালিনী নৃত্য , কুশান নৃত্যই সকলোকে মোহিত কৰে । উল্লেখ্য যে কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিছিল বিহুৰত্ন বঁটাপ্ৰাপ্ত বৰবিহুৱা জয়ন্ত সোণোৱালৰ লগতে দিলীপ নাৰ্জাৰী আৰু প্ৰীতম কোচে ।

কোকৰাঝাৰত জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নৃত্য কৰ্মশালাৰ সফল সামৰণি
নিৰ্বাচন খেলিবৰ বাবে সন্ত্ৰাসবাদী সংগঠন PFI ৰ সমৰ্থন লাভ কৰিছে ৰাহুল গান্ধীয়েঃ স্মৃতি ইৰানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in