/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/111c3143-2a6d-42eb-9932-28192d8e9e3c/oioii.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা খাদ্যত নিচা জাতীয় সামগ্ৰী খুৱাই অচেতন কৰি এজনৰ ঘৰত লুটপাত দুষ্ট চক্ৰৰ ।
উল্লেখ্য যে গাঁওখনৰ আবুল কাছেম নামৰ এগৰাকী লোকৰ ঘৰত কোনো দুষ্ট চক্ৰই নিশা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খাদ্যত নিচা জাতীয় সামগ্ৰী খুৱাই প্ৰথমে অচেতন কৰে। তাৰ পিছত লুটপাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।
আজি পুৱাই অচেতন অৱস্থাত দুয়ো গৰাকী লোকক চিকিৎসাৰ বাবে কচুৱা মডেল হস্পিতালত ভৰ্তি কৰে। ইপিনে কচুৱা থানাত এই ঘটনা সম্পৰ্কত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে আৰু তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।
Also Read: আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'লাচিত : দ্য ৱাৰিয়াৰ'লৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান