শিলচৰত ব্ৰাউন চুগাৰসহ বাহন জব্দ

শিলচৰত ব্ৰাউন চুগাৰসহ বাহন জব্দ

author-image
Asomiya Pratidin
New Update
শিলচৰত ব্ৰাউন চুগাৰসহ বাহন জব্দ

ডিজিটেল সংবাদ,শিলচৰ : সম্প্ৰতি অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। তেনে সময়তে বুধবাৰে কাছাৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত ব্ৰাউন চুগাৰসহ বাহন জব্দ কৰে।

Advertisment

জানিব পৰা অনুসৰি, কালাইনত এখন নম্বৰবিহীন অটোত তালাচী চলাই কালাইন আৰক্ষীয়ে জব্দ কৰে ২১৮ গ্রাম ব্ৰাউন চুগাৰ । ৫ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় ব্ৰাউন চুগাৰসহ বাহনখন। ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় আব্দুল কাছেম মজুমদাৰক। আব্দুলৰ ঘৰ কালাইনৰ জালালপুৰত ।

Also Read: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষত ড০ হিমন্ত বিশ্ব শৰ্মা

Silchar Assam police