কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা...

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা...

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ কৰিমগঞ্জৰ ছলগই এলাকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা এখন ট্ৰাকত আন এখন ট্ৰাকে পাছফালৰ পৰা খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা।

Advertisment

জানিব পৰা মতে পথত ৰৈ থকা ট্ৰাকখন লোড ট্ৰাক আছিল। আনহাতে পাছফালৰ পৰা খুন্দা মৰা ট্ৰাকখনে কঢ়িয়াই আনিছিল চিমেণ্ট। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে চিমেণ্ট কঢ়িয়াই অনা ট্ৰাকখনৰ চালকগৰাকী।

উল্লেখ্য যে এই দুৰ্ঘটনাৰ পাছত ৩ খনকৈ জে চি বিৰ সহায়ত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনখনৰ চালক প্ৰশান্ত ৰয়ক। আহত চালক প্ৰশান্ত ৰয়ৰ ঘৰ চুবৰীয়া ৰাজ্য ত্ৰিপুৰাত।

চালকজনক উদ্ধাৰৰ পাছতে আৰক্ষীয়ে চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ। আনহাতে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছে।

Also Read: চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত সপ্তাহ ব্যাপী ভাগৱত পাঠ ও ব্যাখ্যা...

পথ দুৰ্ঘটনা