/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/34f374f6-560d-46fe-8453-20ba6ef1379c/8.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে কৰিমগঞ্জ জিলাত অৰুণোদয় ২.০ আঁচনিৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশ লয়। সমগ্ৰ ৰাজ্যযুৰি অনুস্থিত হৈ থকা অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীৰ কৰিমগঞ্জ জিলাৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই অসমক উন্নয়নৰ এক নতুন দিশলৈ লৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c5d540e0-ab10-4869-8072-d6fa4fbd7a76/b168e88f_117e_405d_8662_3749aa0c1724.jpg)
মাইক্ৰ'ফাইনেন্সৰ লোণ লোৱা মহিলাসকলক লোণ ৰেহাই দিয়াৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট পথৰ উন্নয়ন, আদৰ্শ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ, অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে বিনামূলীয়া স্বাস্থ্যবীমা আদিৰ ব্যৱস্থাৰে ৰাজ্য চৰকাৰে ৰাজ্যৰ সাধাৰণ জণগণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে প্ৰয়াস কৰি আহিছে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/baa125fd-bc54-4a26-86d2-42f2e34154a2/9e9a5566_7779_4e9f_81c3_bf883722ec2c.jpg)
বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত ৬ খন মেডিকেল কলেজৰ পৰা এতিয়া ৰাজ্যত ২৪ খন মেডিকেল কলেজ হোৱাৰ দিশত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ উন্নীত কৰাৰ বাবে আন্তৰিকতাৰে অহোপুৰুষাৰ্থ কৰি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/af3f250d-d347-4e65-90f3-1292a711a634/7cdc0143_be3b_43e7_8d72_d9a327e5f654.jpg)
উল্লেখ্য যে, প্ৰথম অৱস্থাত প্ৰায় ১৯ লাখ হিতাধিকাৰীয়ে মাহে ৮৫০ টকাকৈ লাভ কৰা অৰুণোদয় আঁচনিৰ অধীনত এতিয়া হিতাধিকাৰীসকলে মাহিলী ১২৫০ টকাকৈ লাভ কৰি আহিছে। অহা নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা ৰাজ্যখনত প্ৰায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালে মাহিলী ১২৫০ টকাকৈ একাউন্টযোগে অৰুণোদয়ৰ ধনৰাশি লাভ কৰিব। যোগ্য হিতাধিকাৰীয়ে একাউন্টযোগে পোনপটীয়াকৈ সুবিধা লাভ কৰা অৰুণোদয় আঁচনি ৰাজ্যখনৰ লগতে দেশৰ ভিতৰতে এক অন্যতম সফল আঁচনি হিচাপে পৰিগণিত হৈছে ।
Also Read: মুকালমুৱাত এৰী শিল্পৰ ৭দিনীয়া প্ৰশিক্ষণৰ শুভৰাম্ভ