মুকালমুৱাত এৰী শিল্পৰ ৭দিনীয়া প্ৰশিক্ষণৰ শুভৰাম্ভ

মুকালমুৱাত এৰী শিল্পৰ ৭দিনীয়া প্ৰশিক্ষণৰ শুভৰাম্ভ

author-image
Asomiya Pratidin
New Update
মুকালমুৱাত এৰী শিল্পৰ ৭দিনীয়া প্ৰশিক্ষণৰ শুভৰাম্ভ

ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰীৰ উন্নয়ন খণ্ডৰ অস্থায়ী সভাকক্ষত বৃহস্পতিবাৰে এৰী শিল্পৰ প্ৰশিক্ষণ শিবিৰ শুভৰাম্ভ কৰা হয়৷ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৰ্থ সাহায্যপ্ৰাপ্ত ছিল্ক সমগ্ৰ- ২ আঁচনিৰ অধীনত অসম চৰকাৰৰ ৰেচম বিভাগে হিতাধিকাৰীসকলৰ বাবে এই প্ৰশিক্ষণ প্ৰদান অনুষ্ঠিত কৰে ৷

Advertisment

৭দিনীয়া প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি প্ৰশিক্ষণ শুভৰাম্ভ কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে ৷ উক্ত অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি এৰী শিল্পসকলৰ উৎপাদন ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু হিতাধিকাৰীসকলে কেনেকৈ ইয়াৰ উচিত মূল্য লাভ কৰিব সেই সম্পৰ্কত ভাষণ প্ৰদান কৰে ৷ জিলা আয়ুক্ত বৰ্ণালী ডেকাই আই-মাতৃসকলে অশেষ কষ্টৰে উৎপাদন কৰি থকা বস্ত্ৰৰ বজাৰত চাহিদা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰি থকা বুলি মন্তব্য কৰি মহিলাসকলক বস্ত্ৰৰ ডিজাইনৰ ওপৰত গুৰুত্ব দিবলৈও কয়৷

নলবাৰী ৰেচম বিভাগৰ সহকাৰী সঞ্চালক মানবেন্দ্ৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানত ৰেচম বিভাগৰ যুটীয়া সঞ্চালক অজিত পাঠকে উপস্থিত থাকি হিতাধিকাৰীসকলক উদ্দেশ্যি ৰেচম বিভাগৰ বস্ত্ৰ পৰিধান কৰাটো অসমীয়াৰ পৰম্পৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে৷ অনুষ্ঠানটোত নলবাৰী ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়া মহচিনা পাৰৱিন, ৰেচম প্ৰদৰ্শক ক্ৰমে সুভাষ কলিতা, থানেশ্বৰ ডেকাকে প্ৰমুখ্য কৰি ৰেচম বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে ৷

ৰেচম বিভাগৰ এই ৭দিনীয়া প্ৰশিক্ষণ শিবিৰত বৰক্ষেত্ৰীৰ এৰী শিল্পৰ লগত জড়িত ৫৮ গৰাকী পুৰুষ-মহিলাক ৰেচম বিভাগৰ প্ৰশিক্ষক জীতেন কাকতিকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ 

Also Read: মঙলদৈত অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ

ari silk