মঙলদৈতো দৰং আৰক্ষীৰ BMI পৰীক্ষা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো দৰং আৰক্ষীৰ BMI পৰীক্ষা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
মঙলদৈতো দৰং আৰক্ষীৰ BMI পৰীক্ষা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বুধবাৰে দৰং জিলাত কৰ্মৰত আৰক্ষীসকলেও অৱতীৰ্ণ হ'ল বি এম আই পৰীক্ষাত। এই বি এম আই পৰীক্ষা অনুষ্ঠিত হয় মঙলদৈত। এই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে তিনি মাহৰ পিছত মেদ বহুলতা কমাই পুনৰ এই অগ্নি পৰীক্ষাত নামিব লাগিব আৰক্ষীৰ বিষয়া-কৰ্মচাৰী।

Advertisment

অসম আৰক্ষী বাহিনী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে দৰঙৰ আৰক্ষীসকলৰ বাবে পুৱাৰে পৰা মঙলদৈৰ আৰক্ষী ছাউনীত অনুষ্ঠিত হয় এই পৰীক্ষা। নিৰ্দিষ্ট নীতি-নিৰ্দেশনা মানি ৪ দিনীয়াকৈ হ'ব আৰক্ষীৰ এই বিশেষ পৰীক্ষা।

Also Read: বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা চৌহদতো বিএমআই পৰীক্ষা

Assam police