/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b40a75b2-61aa-42dc-aff6-b4e0d3d60c7e/467.jpg)
ডিজিটেল সংবাদ,শোণিতপুৰ : সংস্কৃতিৰ নগৰী তেজপুৰৰ 'কলাগুৰু সংগীত মহাবিদ্যালয়'ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি এক গাম্ভীৰ্য পৰিৱেশৰ মাজত উদযাপন হয়। অনুষ্ঠানত কেতবোৰ উল্লেখনীয় কাৰ্যসূচী হাতত লয় উদ্যোক্তাসকলে।
উল্লেখ্য যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰলোকপ্ৰাপ্তিৰ ৪দিনৰ পিছতেই অৰ্থাৎ ১৯৬৯ চনত তেজপুৰৰ চানমাৰীত কলাগুৰুৰ সোঁৱৰণত প্ৰথমটো সামাজিক অনুষ্ঠান "কলাগুৰু প্ৰগতি সন্থাৰ জন্ম হৈছিল। এই অনুষ্ঠানটিৰ বুকুতেই ১৯৭৭ চনত গঢ়ি উঠিছিল "কলাগুৰু সংগীত মহাবিদ্যালয়।"
এই মহাবিদ্যালয়খনিৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ১৮ জুনৰ পৰা ৬দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানৰ দেওবাৰৰ অন্তিম দিনটোত এখন আকৰ্ষণীয় চিত্ৰকলা প্ৰদৰ্শনীৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। লগতে তেজপুৰৰ ১০ গৰাকী চিত্ৰশিল্পীৰ দ্বাৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত থিতাতে চিত্ৰাংকনৰ এক আকৰ্ষণীয় কাৰ্যসূচী সম্পন্ন হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8c0eb572-e5c9-48d9-b6d7-7b468c8121dd/64bf8f8e-86ad-4ac9-b7f5-ceed4ab717b5.jpg)
পুৱা মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই শুভাৰম্ভ কৰে। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ বিষ্ণু গোস্বামী ,মহাবিদ্যালয়খনৰ বিশেষ দায়িত্বত থকা প্ৰবীণ সমাজকৰ্মী চন্দ্ৰ হংস গোস্বামী ,সত্ৰীয়া নৃত্য বিভাগৰ শিক্ষক যোগেন দত্ত বায়ন ,চিত্রকলা বিভাগৰ শিক্ষয়িত্ৰী অলকা শৰ্মা ,কন্ঠ সংগীতৰ শিক্ষয়িত্ৰী নিকী দাস বৰা , প্ৰণামী বৰঠাকুৰ,বেহেলা শিক্ষক শ্যাম কল্যাণ দাস ,গীটাৰৰ শিক্ষক জ্ঞান শৰ্মা,আদিয়ে একোটিকৈ গছপুলি ৰোপণ কৰে।
মহাবিদ্যালয়খনৰ কন্ঠ সংগীতৰ শিক্ষক নিৰূপ বৰঠাকুৰে আঁত ধৰা আজিৰ অন্তিম দিনটোৰ কাৰ্য্যসূচী অনুসৰি ইয়াৰ পিছতেই চিত্ৰকলাৰ এখন বিশেষ প্ৰদৰ্শনী ফিটা কাটি উদ্ঘাটন কৰে পংকজ বৰুৱাই। প্ৰদৰ্শনীখন উদ্ঘাটন কৰি পংকজ বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।
তেঁও কয় যে ১৯৭৭ চনতে এটা পৰিত্যক্ত গৃহ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত এখন সংগীত মহাবিদ্যালয় গঢ়ি তোলাৰ দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিছিল কেইবাগৰাকী ব্যক্তিয়ে। প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী , প্ৰয়াত শিল্পী তথা বিশিষ্ট অধিবক্তা নৰেন্দ্ৰ গোস্বামীৰ লগতে পৰৱৰ্ত্তী সময়ত জড়িত হৈ পৰা প্ৰয়াত অধ্যাপক শিল্পী হেমন্ত কুমাৰ বৰুৱাৰ লগতে প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট সত্ৰীয়া শিল্পী পুণ্যব্ৰত দেৱ গোস্বামী আদিক স্মৰণ কৰি বৃহৎ চৌহদেৰে পৰিৱেষ্টিত সংগীত মহাবিদ্যালয়খন তেজপুৰৰ অন্যতম সংগীত মহাবিদ্যালয়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত সকলো পক্ষকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে প্ৰদৰ্শনীখনত তেজপুৰৰ বিশিষ্ট চিত্ৰ -ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাই প্ৰদৰ্শন কৰা কলাগুৰু গৰাকীৰ দুখন অতি অৰ্থৱহ চিত্ৰৰ সন্দৰ্ভত শিল্পীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । আনহাতে আজিৰ দিনটোতে তেজপুৰৰ দহগৰাকীকৈ দক্ষ চিত্ৰশিল্পী ক্ৰমে জ্ঞানেন্দ্ৰ নাথ বৰা ,হৰেশ্বৰ শইকীয়া ,অলকা শৰ্মা ,মুকুট মহন্ত ,সৌমিত্ৰ দত্ত ,বাপধন কলিতা ,ৰাজেশ সৰকাৰ ,মণিমালা বৰা ,ৰিকী দাস পাঠক আৰু কংকনা বৰুৱাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত থিতাতে চিত্ৰাংকন কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে তেঁওলোকক মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলোকে একোখনকৈ গামোচাৰে সম্ভাষণ জনোৱা হয়। সম্ভাষণৰ পিছতেই চিত্ৰশিল্পী সকলে অতি অৰ্থবহ আৰু দৃষ্টিনন্দন ৰূপত নিজা নিজা শৈলীৰে অংকণ কৰি উলিয়াই একোখনকৈ আকৰ্ষণীয় চিত্ৰ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে মহাবিদ্যালয়খনত কন্ঠ সংগীত,সত্ৰীয়া ,তবলা ,ভাৰত নাট্যম ,বেহেলা ,গীটাৰ ,চিত্রকলাকে ধৰি ৭টা বিভাগত প্ৰায় ২৫০ৰো অধিক শিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰি আছে । সংগীত বিদ্যালয়খনৰ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ পুণ্যব্ৰত দেৱ গোস্বামীৰ এখন আকৰ্ষণীয় চিত্ৰ মহাবিদ্যালয়খনৰ কন্ঠ সংগীতৰ শিক্ষক নিৰূপ বৰঠাকুৰে অংকন কৰাৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9644ff21-9d65-4ef9-aac7-b4d8ee9104bb/29081c3c-75db-46ac-81cd-ae386c8f7663.jpg)
অধ্যক্ষ বিষ্ণু গোস্বামীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা ভিত্তিত শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতা ,জ্যোতি সংগীত প্ৰতিযোগিতা ,বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা , বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ ওপৰত নৃত্য আদি প্ৰতিযোগিতাৰ আয়োজন কৰে। এইসমূহ প্ৰতিযোগিতাত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাটো এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে গোস্বামীয়ে। লগতে তেঁও মহাবিদ্যালয়খনৰ আন্ত গাঁঠনি উন্নয়নৰ বাবে চৰকাৰলৈ আহ্বান জনায় ।