কৰিমগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য পশু...

কৰিমগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য পশু...

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য পশু...

কৰিমগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য পশু...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ কৰিমগঞ্জত উদ্ধাৰ হৈছে ল'ৰিছ নামৰ এটা দুষ্প্ৰাপ্য পশু। কৰিমগঞ্জৰ বিস্কুট এলেকাত উদ্ধাৰ হৈছে এই দুষ্প্ৰাপ্য পশুটো।

Advertisment

উল্লেখ্য যে, আজি স্থানীয় লোকে কৰিমগঞ্জৰ বিস্কুট এলেকাৰ জংঘলৰ কাষত প্ৰত্যক্ষ কৰে এই দুষ্প্ৰাপ্য পশুটো। তাৰ পাছতে তেওঁলোকে ল'ৰিছটোক উদ্ধাৰ কৰি বনবিভাগক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত বন বিভাগৰ এটা দল আহি এলেকাটোত উপস্থিত হয় আৰু ল'ৰিছটোক চমজি লয়। জানিব পৰা মতে বন বিভাগৰ লোকসকলে বৰাইল অভায়াৰণ্যত ল'ৰিছটোক মুকলি কৰি দিয়ে।

ইফালে স্থানীয় লোকে ল'ৰিছটোক উদ্ধাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে দুষ্প্ৰাপ্য পশুটো চস্বক্ষে প্ৰত্যক্ষ কৰিবলৈ বহু লোকে আহি ভিৰ কৰেহি।

Also Read: বৰহোলাৰ চেৰেলীপথাৰত নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন...

বন বিভাগ