বৰহোলাৰ চেৰেলীপথাৰত নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন...

বৰহোলাৰ চেৰেলীপথাৰত নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন...

author-image
Asomiya Pratidin
New Update
বৰহোলাৰ চেৰেলীপথাৰত নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন...

বৰহোলাৰ চেৰেলীপথাৰত নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ তিতাবৰঃ বৰহোলাৰ ন-পাম চেৰেলীপথাৰত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ২২ লাখ টকা পুঁজিৰে নিৰ্মিত চেৰেলীপথাৰ নামঘৰৰ আজি ফিটা কাটি শুভ উদ্বোধন কৰা হয়। আজি পুৱা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বৰহোলা সমষ্টিৰ সদস্যা বিমলা সোণোৱালে গাঁওখনৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত নামঘৰটোৰ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

Advertisment

উল্লেখ্য যে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজি ১২ লাখ টকা ব্যয়ৰে কীৰ্তন ঘৰটোৰ নিৰ্মাণ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজি ১০ টকা ব্যয়ৰে নামঘৰটোৰ কালভাৰ্ট আৰু তোৰণ নিৰ্মাণ কৰা হয়। দীৰ্ঘদিনৰ পিছত চেৰেলীপথাৰ গাঁওখনৰ নামঘৰটো পকীকৈ আকৰ্ষণীয় ৰূপত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত ৰাইজে আনন্দ আৰু সন্তোষ প্ৰকাশ কৰিছে।

Also Read: ৩ কোটিৰ গাঞ্জা এৰি ট্ৰাকৰ পৰা জপিয়াই পলায়ন চালকৰ...

তিতাবৰ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ