
কৰিমগঞ্জৰ পেটেল নগৰত ভয়ংকৰ দুৰ্ঘটনা।
থিতাতে মৃত্যু এজন চালকৰ।
বুলড'জাৰৰ সহায়েৰে উদ্ধাৰ কৰা হয় চালকজনৰ মৃতদেহ।
জানিব পৰা মতে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা আন এখন ট্ৰাকে তীব্ৰ বেগত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য বৰ্তমানলৈ মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।