'শিলসাঁকোৰ নগ্ন প্ৰতিবাদে বিজেপি চৰকাৰক উলঙ্গ কৰিলে'- জীপালৰ কৃষক শ্ৰমিক সংঘ

'শিলসাঁকোৰ নগ্ন প্ৰতিবাদে বিজেপি চৰকাৰক উলঙ্গ কৰিলে'- জীপালৰ কৃষক শ্ৰমিক সংঘ

author-image
Asomiya Pratidin
New Update
'শিলসাঁকোৰ নগ্ন প্ৰতিবাদে বিজেপি চৰকাৰক উলঙ্গ কৰিলে'- জীপালৰ কৃষক শ্ৰমিক সংঘ

ডিজিটেল সংবাদ, বোকাখাতঃ 'গুৱাহাটীৰ শিলসাঁকো কাণ্ডই বিজেপি ফেচিষ্ট চৰকাৰখনৰ নগ্নৰূপকে আকৌ এবাৰ উদঙাই দিলে'- এই মত জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহৰ। লগতে কটাক্ষ কৰি কয় যে- 'কিয়নো জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ পক্ষে নাই, ইয়াৰ বিপৰীতে ধনীক কোম্পানীৰ পক্ষে স্থিতি গ্ৰহণ কৰিবলৈ গৈ থলুৱা খিলঞ্জীয়া লোকৰ মাতৃ ভগ্নীক নগ্ন প্ৰতিবাদ কৰিবলৈ বাধ্য কৰোৱা বিজেপি চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰা উচিত'।

Advertisment

তদুপৰি তেওঁ কয় যে- বিজেপি চৰকাৰখনে মোডীৰ স্বচ্ছতাৰ মুখা নগ্ন হ'বলৈ আৰু কি বাকী থাকিল। কেগৰ ৰিপ'ৰ্টে বিশ্বৰ দুৰ্নীতিগ্ৰস্ত প্ৰধানমন্ত্ৰী মোডী বুলি ইতিমধ্যে প্ৰকাশিত হৈছে। এফালে ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাই সমগ্ৰ অসমৰ বিজেপিৰ নিকা চৰকাৰৰ নগ্ন ছবিকেই উদঙাই দেখুওৱা নাইনে বুলি প্ৰশ্ন কৰে শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে।

বিজেপি দলৰ সভাপতি ভবেশ কলিতাক উভতি ধৰি, প্ৰতিবাদী জনতাক পশুৰ লগত তুলনা নকৰিবলৈ খবৰদাৰ কৰি দিয়ে কৃষক নেতা গৰাকীয়ে। বৰং ভবেশ কলিতা যদি মানুহ হয় তেন্তে এপলক চকু মুদি নিজৰ পত্নী, ভগ্নী অথবা জীয়ৰীৰ দৃষ্টিৰে এবাৰ চাওক বুলি তেওঁ মন্তব্য কৰে। ভবেশ কলিতাই কোৱাৰ দৰে কাৰোবাৰ প্ৰৰোচনাত এগৰাকী সন্মানযুক্ত মহিলাই নগ্ন যদি হ'ব পাৰে বুলি ভাবিছে তেন্তে অন্ততঃ বিজেপি ঘৰৰে নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ ন্যায়ৰ দাবীত ভবেশ কলিতাৰ পত্নী ভগ্নী জীয়াৰী আদিক নগ্ন হ'বলৈ আমি ক'লে নগ্ন হ'বনে বুলি প্ৰশ্ন কৰে জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

গতিকে তেনে অ-বিজ্ঞানসন্মত মন্তব্যৰে জনতাক বিপথে পৰিচালিত নকৰিবলৈ সকীয়াই দিয়ে। ইয়াৰ লগতে কৃষক-মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াসহ প্ৰতিবাদী জনতাক বিনা চৰ্তে মুক্তি দিবলৈ জীপালে সজোৰে দাবী উত্থাপন কৰে। আনহাতেদি জীপালৰ যুটীয়া মুখপাত্ৰ মণিকংকনা বৰবৰাই কয় যে- তীব্ৰ বিষোদগাৰ কৰি কয়, এগৰাকী নাৰীয়ে কিমান দমন-পীড়ন, শোষণ আৰু অত্যাচাৰৰ বলি হ'লে ইয়াৰ ঘৃণা প্ৰকাশ কৰিবলৈ নগ্নপ্ৰতিবাদৰ ভাষা প্ৰয়োগ কৰিব পাৰে।

ফেচিবাদাৰ চৰম পৰ্যায়ৰ এয়াই চৰম নিদৰ্শন বুলি ব্যক্ত কৰে বৰবৰাই। জীপালে দাবী তুলিছে যে শিলসাঁকোৰ জনতাক ন্যায্য প্ৰাপ্য ঘূৰাই দিয়ক। আৰক্ষীৰ জিম্মাত থকা প্ৰতিবাদী জনতাক বিনচৰ্তে মুকলি কৰক, জাতি-মাটি-ভেটি ৰক্ষাৰ পক্ষত থলুৱা খিলঞ্জীয়া বড়ো, মিচিং, কাৰ্বি, তিৱালোকক ভূমি প্ৰদান কৰি পুণঃসংস্থাপন কৰক। ইয়াৰ বিপৰীতে ধনী কোম্পানীৰ বৰ বৰ কেম্পাচসমূহ উচ্ছেদ কৰি বীৰত্ব প্ৰদৰ্শন কৰক বিজেপি চৰকাৰখনে।

Also Read: চুপাৰি মাফিয়াক ধন দাবীঃ বজালীৰ আৰক্ষী অধীক্ষকক বদলি

protest