অসমীয়া সাজ পৰিধান কৰি বটদ্ৰৱা থানত মহাৰাষ্ট্ৰৰ এদল যুৱতী

অসমীয়া জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত মহাৰাষ্ট্ৰৰ এদল যুৱতী

author-image
Asomiya Pratidin
New Update
অসমীয়া সাজ পৰিধান কৰি বটদ্ৰৱা থানত মহাৰাষ্ট্ৰৰ এদল যুৱতী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত মহাৰাষ্ট্ৰৰ এদল যুৱতী। মহাৰাষ্ট্ৰৰ পুনেৰ ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ লগতে আদি স্কুল অৱ ডাঞ্চ প্ৰতিষ্ঠানত মহাৰাষ্ট্ৰৰ ছাত্ৰী সকলে বহু বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে।

Advertisment

এই ছাত্ৰী সকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয় অধ্যাপিকা ড০ দেৱীকা বৰঠাকুৰে। মহাৰাষ্ট্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম কলা সংস্কৃতিৰ জ্ঞান চৰ্চা, অনুশীলন কৰি বিমুগ্ধ হোৱা এই ছাত্ৰী সকলক সেইজনা মহাপুৰুষৰ জন্মস্থান তথা আদি লীলা ভূমি বটদ্ৰৱা থান দৰ্শনৰ মানস কৰা বাবে আজি উপস্থিত হয় বটদ্ৰৱা থানত।

অসমীয়া জাতীয় সাজ চাদৰ মেখেলা পৰিধান কৰি ছাত্ৰী সকলে বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত সেৱা গ্ৰহণ কৰি, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া সংস্কৃতিৰ বৰঘৰৰ সাজি যি ঠাইৰ পৰা চিহ্নযাত্ৰা, সপ্ত বৈকুণ্ঠৰ পট, নাম কীৰ্তন কে আদি কৰি বিশাল সম্ভাৰ আৰম্ভ কৰিছিল সেই পবিত্ৰ বটদ্ৰৱাৰ গুৰুৰ স্মৃতিচিহ্ন ক্ৰমে শংকৰ শিলিখা বৃক্ষ, হাটীপুখুৰী, আকাশী গংগা দৰ্শন কৰি আপ্লুত হৈ পৰে।

ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা অধ্যয়ন বিভাগৰ সঞ্চালক সাৰংগধৰ সাথী, আমেৰিকাৰ দশাৱতাৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক নেৰিনা ৰাভাৰ লগতে মহাৰাষ্ট্ৰৰ ছাত্ৰী সকলৰ দলটিক বটদ্ৰৱাত সংগ প্ৰদান কৰে শিল্পী ৰুবুল কুমাৰ মহন্ত, দিব্যজ্যোতি বৰুৱা, মৃদু মৌচম বৰাই।

Also Read: কৰিমগঞ্জৰ চুৰাইবাৰীত ১২,৫০০ বটল কফ চিৰাফ জব্দ