বদৰপুৰত ১০কোটিৰ নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ...

বদৰপুৰত ১০কোটিৰ  নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে বুধবাৰে বৃহৎ সাফল্য লাভ কৰে। আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই বদৰপুৰৰ পৰা বুজন‌ পৰিমানৰ হেৰ'ইন জব্দ কৰে। লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য মতে, মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকত বুজন পৰিমাণৰ হেৰ'ইনখিনি আনি থকাৰ অৱস্থাতে জব্দ কৰে। আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীৰ দলে এএছ০১জেচি৬৭৯৬ নম্বৰৰ ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ১১০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১২০০ গ্ৰাম (১.২ কেজি ) হেৰ'ইনৰ জব্দ কৰা হয়। লগতে হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চিয়াব উদ্দিন নামৰ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জানিবলৈ দিয়া মতে, জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ১০ কোটি টকা। হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি কৰিমগঞ্জৰ মাজেৰে গুৱাহাটীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে । ঘটনা সন্দৰ্ভত বদৰপুৰ থানাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বদৰপুৰত ১০কোটিৰ  নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ...
বৰ্ষাপাৰাত পৰাস্ত ৰাজস্থান ৰয়েলছ : ৫উইকেটত জয়ী পাঞ্জাৱ কিংছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in