বৰ্ষাপাৰাত পৰাস্ত ৰাজস্থান ৰয়েলছ : ৫উইকেটত জয়ী পাঞ্জাৱ কিংছ

ৰিয়ান পৰাগৰ অনবদ্য ৪৮ ৰান
বৰ্ষাপাৰাত পৰাস্ত ৰাজস্থান ৰয়েলছ : ৫উইকেটত জয়ী পাঞ্জাৱ কিংছ

ডিজিটেল ডেস্ক : বৰ্ষাপাৰাত আনন্দৰ বন্যা বোৱালে আলহী দল পাঞ্জাৱ কিংছে। গুৱাহাটীৰ বৰ্ষাপাৰাত দলটোৱে ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটায়। অৱশ্যে ইয়াৰ পূৰ্বে ২০২৩ত অনুষ্ঠিত মেচতো দলটোৱে জয়লাভ কৰিছিল। সেইবাৰ দলটোৱে ৫ৰানত জয়ী হৈছিল আৰু এইবাৰ ৫উইকেটত।

বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মেচখনত পাঞ্জাৱ কিংছে ৰাজস্থানক সহজে পৰাস্ত কৰে। অধিনায়ক চেম কুৰানৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ৫উইকেটৰ ব্যৱধানত দলটোৱে জয়লাভ কৰে।

উল্লেখ্য যে টছত জয়ী হৈ পোনতে বেট ধৰি ঘৰুৱা দলটোৱে ৰিয়ান পৰাগৰ ৪৮ ৰানৰ সহায়ত ১৪৪ ৰান সংগ্ৰহ কৰিছিল। মেচৰ আৰম্ভণিতে জয়ছোৱালৰ(৪)ৰ উইকেট হেৰুৱাই শ'লঠেকত পৰিছিল ঘৰুৱা দল ৰাজস্থান।

পাঞ্জাৱৰ নিয়ন্ত্ৰিত বলিঙক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা আৰম্ভণিতে হেৰুৱাইছিল প্ৰতিপক্ষ ৰাজস্থানে। তাৰ মাজতে আলহী দলটোৰ বলাৰসকলক প্ৰতিহত কৰা অসম সন্তান ৰিয়ান পৰাগে এক মাৰমুখী ইনিংছ খেলে। তেঁও ৩৪টা বলৰ সন্মুখীন হৈ ৬টা বাউণ্ডেৰীৰে ৪৮ ৰান সংগ্ৰহ কৰে।

ঘৰুৱা দল ৰাজস্থানে নিৰ্ধাৰিত অ'ভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৪৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাঞ্জাৱে বিজয় লক্ষ্য আগত লৈ ৫টা উইকেট হেৰুৱাই ১৪৫ কৰি বিজয় সাৱ্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক চেম কুৰানে ৬৩ ৰানসহ দুটা উইকেট লাভ কৰে।

বৰ্ষাপাৰাত পৰাস্ত ৰাজস্থান ৰয়েলছ : ৫উইকেটত জয়ী পাঞ্জাৱ কিংছ
বৰ্ষাপাৰাত ৰাজকীয় ইনিংছ ৰিয়ান পৰাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in