কৰিমগঞ্জত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা কেবাটাও হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।
কৰিমগঞ্জত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ সম্প্ৰতি বৰাক উপত্যকা যেন ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে। বৰাকৰ কাছাৰ- মিজোৰাম, কাছাৰ- মণিপুৰ আৰু কৰিমগঞ্জ-মিজোৰাম সীমান্তৰে প্ৰায়ে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ পৰা কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থাকে আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়া সকলে।

এই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই প্ৰতিদিনে জব্দ কৰি আহিছে চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা নিষিদ্ধ ড্ৰাগছ। ইয়াৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মঙ্গলবাৰে পুনৰ বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা কেবাটাও হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৬১২ গ্ৰাম হেৰোইন জব্দ কৰা হয়।‌ জব্দকৃত হেৰ''ইনৰ মূল্য কেবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

কৰিমগঞ্জত বুজন পৰিমাণৰ হেৰ'ইন জব্দ
সুৰা কেলেংকাৰী গোচৰত বিধ্বস্ত আপঃ এইবাৰ চলিছে জল ব'ৰ্ডৰ কেলেংকাৰীৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in