হত্যাকাণ্ডৰ অভিযোগত শিলচৰত ৪জনক গ্ৰেপ্তাৰ

হত্যাকাণ্ডৰ অভিযোগত শিলচৰত ৪জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰ জিলাৰ লক্ষীপুৰ তলেনগ্ৰামত দেওবাৰে নিশা উদ্ধাৰ হোৱা সোমা দাস নাম নামৰ মহিলাগৰাকীক হত্যাৰ অভিযোগত ৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমা দাসৰ স্বামী প্ৰদ্যুত দাসসহ আৰু ৩জনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ৩জন অভিযুক্ত হ'ল তাৰাপুৰ মালিনী বিলৰ অৰ্জুন বৈষ্ণৱ, ৰনজিত বৈষ্ণৱ আৰু তাৰাপুৰ শিববাৰী ৰোডৰ দূলন বৈষ্ণৱ। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে সোমা দাসক উঠাই নিয়া এলটো বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে।‌

হত্যা কৰা ২৭ বছৰীয়া সোমা দাসৰ ঘৰ শিলচৰ তাৰাপুৰ শিববাৰী ৰোডৰ ৰবীন্দ্ৰ লেনত।এই হত্যাকাণ্ডৰ আৰত পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। স্বামী প্ৰদ্যুত দাসৰ নিৰ্দেশতে পৰিচিত দূলন বৈষ্ণৱ, অৰ্জুন বৈষ্ণৱ, ৰনজিত বৈষ্ণৱ আৰু এজন বন্ধুয়ে দেওবাৰে আবেলি সোমা দাসক তাৰাপুৰৰ ঘৰৰ পৰা মাতি নিছিল বুলি জানিব পৰা গৈছে।

ঘৰৰ পৰা সোমা দাস আহি অন্নপূৰ্ণঘাটৰ সেতুৰ ওপৰত লগ কৰিছিল দূলন বৈষ্ণৱ হতক। তাতে সোমা দাসক এলটো বাহনত তুলি লৈ যোৱা হৈছিল দূধপাতিল এলেকালৈ। দেওবাৰে সন্ধিয়া তাতে ডিঙিত গামোচাৰে চেপি ধৰি হত্যা কৰা হৈছিল সোমা দাসক।

হত্যাৰ পিছত মৃতদেহ লৈ যোৱা হয় লক্ষীপুৰৰ তলেনগ্ৰামলৈ। নিশা তাতে এখন খেলপথাৰত সোমাৰ মৃতদেহ পেলাই থৈ যায় হত্যাকাৰী দুলন বৈষ্ণৱ, অৰ্জুন বৈষ্ণৱ আৰু ৰনজিত বৈষ্ণৱে। ইয়াৰ পিছত সিদিনা নিশাই লক্ষীপুৰ আৰক্ষীয়ে সোমাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে।

হত্যাকাণ্ডৰ অভিযোগত শিলচৰত ৪জনক গ্ৰেপ্তাৰ
ৰাজনীতিত এতিয়া খেতিৰ সময় আহিছে : বিশ্বজিৎ দৈমাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in