/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3738c76f-d345-4972-86fb-46373a715cd3/182.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : ৰাজনীতিত এতিয়া খেতিৰ সময় আহিছে । ৰাজনীতি কৰা ব্যক্তিসকল এতিয়া কামত লাগি গৈছে। কোনে ক'ত খেতি কৰিলে ভাল হ'ব বুলি ভাবে তাতে খেতি কৰিব । এই মন্তব্য প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dd5e609f-0c09-410e-961e-ad1ee7a63bbe/404031920_830808735399327_133940556104027608_n.jpg)
ৰাজ্যত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা আৰু জনসাধাৰনক গুনগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আৰম্ভ কৰা স্বাস্থ্য সেৱা উৎসৱ-২ ৰ অধীনত কোকৰাঝাৰত স্বাস্থ্যখণ্ডৰ বুজ লবলৈ আহি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উক্ত মন্তব্য কৰে । তেওঁ কয় যে যেনেকৈ ব'হাগ আহিলে খেতিয়ক সকলে কঠিয়া ৰুব লাগে, হাল বাব লাগে ঠিক তেনেকৈ নিৰ্বাচন অহাৰ লগে লগে সকলোৱে সজাগ হৈছে।
এতিয়া লোকসভা নিৰ্বাচন আহি আছে আৰু সেয়ে ৰাজনীতি কৰা ব্যক্তি সকলে কামত লাগি গৈছে। এইবিলাক প্ৰাকৃতিকভাৱে পূৰ্বৰ পৰাই চলি আহিছে বুলিও মন্তব্য আগবঢ়াই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0fca36d7-d1d0-4a60-a9c7-161ca46ed3d5/403131653_830808785399322_2711679297276732850_n.jpg)
উল্লেখ্য যে স্বাস্থ্য সেৱা উৎসৱ-২ ৰ উপলক্ষে স্বাস্থ্য মন্ত্ৰীৰ অনুৰোধমৰ্মে মঙলবাৰে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতাল পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । কোকৰাঝাৰ মেডিকেল কলেজৰ অধ্যক্ষ , ফেকাল্টি আৰু ছাত্ৰ-ছাত্ৰীৰে বাৰ্তালাভ কৰি বিশ্বজিৎ দৈমাৰীয়ে সংবাদমাধ্যমৰ আগত সকলো ঠিকে আছে কিন্তু কোকৰাঝাৰ মেডিকেল কলেজত বেমাৰী হে অহাৰ অভ্যাস গঢ় লৈ উঠা নাই বুলি মন্তব্য কৰে।
মেডিকেল কলেজত প্ৰায়ভাগ ৰোগী নাহে। বাহিৰে বাহিৰে চিভিলত দেখুৱাই কিছুমান ৰোগী ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমলৈ যায় বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰী কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতাললৈ ৰোগী আনিবৰ বাবে কিছুমান উপদেশ আগবঢ়ায়। ইয়াৰোপৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিভ্ৰমণ কৰি চিকিৎসাৰ মানদণ্ড বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8849f237-b4e5-4043-b9a9-8b8394565492/403084379_830808808732653_289548837958940945_n.jpg)
কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্চৰ পদ খালী থকা দিশটোলৈ চাই স্বাস্থ্যমন্ত্ৰীৰ সতে আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে বিশ্বজিৎ দৈমাৰীয়ে । কোকৰাঝাৰত এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত দ্বিতীয় সংখ্যক ঈশান চন্দ্ৰ মুছাহাৰী সোঁৱৰণী বক্তৃতা অনুষ্ঠানতো আমন্ত্ৰিত অতিথি হিচাপে অংশ লয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/46a91371-c1a3-40a2-b07c-4b31ba4ea3fb/403159690_830808868732647_3088197805183605022_n.jpg)
ইফালে অসম বিধানসভা অধ্যক্ষগৰাকীক কোকৰাঝাৰ ভ্ৰমণত সংগ দিয়ে স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰী, বিজেপি দলৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী আৰু পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্মৱে ৷
Also Read: শিলঘাট কন্যকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ শুভাৰম্ভ