জলপথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ : ৩ মটৰবোটসহ চুপাৰী জব্দ

জলপথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ : ৩ মটৰবোটসহ চুপাৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ : নিতৌ ন ন কৌশল অৱলম্বন কৰি বাৰ্মিজ চুপাৰী সৰবৰাহ কৰি আহিছে চোৰাং ব্যৱসায়ীয়ে। কেতিয়াবা যদি তেলৰ টেংকাৰত, কেতিয়াবা আকৌ নৈশ বাছত।

আনকি পণ্যবাহী ট্ৰাকত গোপন চেম্বাৰ সাজি চুপাৰী সৰবৰাহ কৰিও আৰক্ষীৰ পৰা ৰক্ষা পোৱা নাই চুপাৰীৰ চোৰাং ব্যৱসায়ীয়ে। সেয়ে আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ এতিয়া স্থলপথৰ পৰিবৰ্তে জলপথকে চুপাৰী সৰবৰাহৰ নিৰাপদ কৰড'ৰ হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু ইয়াতো সফল নহ'ল চোৰাং ব্যৱসায়ী।

শনিবাৰে মিজোৰামৰ পৰা জলপথেৰে চোৰাংভাৱে সৰবৰাহৰ সময়ত কাছাৰত আৰক্ষীয়ে জব্দ কৰিছে ৮০ বস্তা বাৰ্মিজ চুপাৰী। সোণাই নদীৰে সৰবৰাহৰ কৰাৰ সময়ত গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সোণাই আৰক্ষীয়ে ৩খন চুপাৰী ভৰ্তি ইঞ্জিনচালিত নাও জব্দ কৰে।

নাও কেইখনৰ পৰা মুঠ ৮০ বস্তা অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰা হয়। চুপাৰীসমূহ কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে,চুপাৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক কেইজন- সোণাই কাজিদহৰৰ মামন ৰচিদ বৰভূঞা, কচুদৰম মোহনখাল গাঁৱৰ ছুৱেল আহমেদ লস্কৰ আৰু এল্টন মাৰ।

জলপথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ : ৩ মটৰবোটসহ চুপাৰী জব্দ
সাংসদ দিলীপ শইকীয়াক উভতি ধৰিলে বি পি এফৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in