সাংসদ দিলীপ শইকীয়াক উভতি ধৰিলে বি পি এফৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে

সাংসদ দিলীপ শইকীয়াক উভতি ধৰিলে বি পি এফৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে

author-image
Asomiya Pratidin
New Update
সাংসদ দিলীপ শইকীয়াক উভতি ধৰিলে বি পি এফৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে

ডিজিটেল সংবাদ,ওৰাংঃ সাংসদ দিলীপ শইকীয়াক উভতি ধৰিলে বিপিএফৰ MCLA ফ্ৰেছ মুছাহাৰীয়ে। শান্তিৰ বিটিচিত অশান্তি সৃষ্টি নকৰিবলৈ বিজেপি নেতাসকললৈ আহ্বান বিটিচিৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ MCLA মুছাহাৰীৰ।

Advertisment

উল্লেখ্য যে, যোৱা সোমবাৰে ওৰাঙত চেক বিতৰণ কাৰ্যসূচীত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তানী এজেণ্ট সোমাই থকাৰ লগতে বিপিএফ-কংগ্ৰেছৰ পৃষ্ঠপোষকতাত বিটিচিত মিঞাঁই ভৰি পৰা বুলি মন্তব্য আগবঢ়াইছিল।

এই লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শনিবাৰে ৰৌতাৰ বটাবাৰিত বিপিএফৰ কোচ ৰাজবংশী কোষৰ এক সভাত অংশগ্ৰহন কৰি সাংসদ দিলীপ শইকীয়াক সমালোচনা বিপিএফৰ পাৰিষদগৰাকীৰ। কেন্দ্ৰ, ৰাজ্যত বিজেপি চৰকাৰ, প্ৰশাসন যন্ত্ৰ চৰকাৰৰ হাতত থকা সত্বেও দেশত পাকিস্তানী এজেণ্ট সোমোৱাটো দূৰ্ভাগ্যজনক আখ্যা নেতাগৰাকীৰ।

আচলতে সাংসদ দিলীপ শইকীয়াই সমষ্টি উন্নয়নত ব্যৰ্থ হৈছে। পৰৱৰ্তী নিৰ্বাচনত সাংসদ গৰাকীৰ ব্যৰ্থতা ঢাকিবলৈ এই ধৰণৰ মন্তব্য আগবঢ়োৱা বুলি কয় ফ্ৰেছ মুছাহাৰীয়ে।

Also Read: ভয় হয়, বদৰুদ্দিনে আৰু বা কি কয়?

bjp bpf dilip saikia