/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3ea22e81-df9e-4d6c-b234-9ffa2d842951/70.jpg)
ডিজিটেল সংবাদ,শিলচৰ : ভাৰতীয় ডাক বিভাগে গ্ৰাহকসকলৰ বাবে মুকলি কৰা বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ বৃহস্পতিবাৰে শিলচৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। কাছাৰ সংমণ্ডল ডাকঘৰৰ জ্যেষ্ঠ অধীক্ষক আৰু শিলচৰ বাৰ সন্থাৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত ডাক বিভাগে গ্ৰাহক সকলৰ বাবে মুকলি কৰা বিভিন্ন লাভজনক আঁচনি সন্দৰ্ভত বিতং তথ্য দাঙি ধৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2d75d793-39b7-4a58-8599-9dd725a702c1/67bccf90_67de_44d0_ad12_1f2ba2417843.jpg)
ডাক বিভাগৰ শিলচৰ উত্তৰ-পূব উপ-সংমণ্ডলৰ সহকাৰী অধীক্ষক সমীৰ চন্দ্ৰ দাস আৰু শিলচৰ মুখ্য ডাকঘৰৰ সহঃ অধীক্ষক কৌস্তভ চৌধুৰীয়ে এই লাভজনক আঁচনি সন্দৰ্ভত বিতংকৈ ব্যাখ্যা কৰে। এই আঁচনিসমূহৰ দ্বাৰা গ্ৰাহকসকল যথেষ্ট লাভবান হ'ব বুলি উল্লেখ কৰি সকলোকে এই আচঁনিৰ সুবিধা ল'বলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f46bca6c-dbc6-4f58-97ec-f555f4a90684/ad7cb273_c7ab_40bd_9748_edeae6cea2d5.jpg)
ডাক বিভাগৰ লাভজনক আঁচনিসমূহৰ বিষয়ে অৱগত হৈ সকলোকে এই আচঁনিৰ সুবিধা ল'বলৈ আহ্বান জনোৱাৰ লগতে বাৰ সন্থাৰ বিষয় ববীয়া আৰু সদস্য সকলকো ইয়াৰ সুবিধা ল'বলৈ আহ্বান জনায় বাৰ সন্থাৰ সভাপতি নিলাদ্ৰী ৰাইয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3037c25e-a577-45e8-989a-3481be7e55bf/73215733_17b8_443d_b0aa_b6567a6ee01a.jpg)
Also Read: খিলঞ্জীয়া লোকক বিদেশী সজালে হাজোৰ গ্ৰামোন্নয়ন বিভাগে