খিলঞ্জীয়া লোকক বিদেশী সজালে হাজোৰ গ্ৰামোন্নয়ন বিভাগে

খিলঞ্জীয়া লোকক বিদেশী সজালে হাজোৰ গ্ৰামোন্নয়ন বিভাগে

ডিজিটেল সংবাদ,হাজো : গ্ৰামোন্নয়ন দৰে গুৰুত্বপূৰ্ণ বিভাগৰ এক কৰ্মকাণ্ড পোহৰলৈ অহাত হাহাকাৰ লগিছে হাজোত। বিদেশী চিনাক্তকৰণ সমস্যাই বাৰুকৈ খুলি খুলি খাইছে ৰাজ্যে চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰক। বিদেশী চিনাক্ত কৰণৰ বাবে চৰকাৰে বিশেষ ন্যায়ালয় গঠন কৰি আজিলৈকে বিদেশী চিনাক্ত কৰিব পৰা নাই যদিও হাজোৰ গ্ৰামোন্নয়ন বিভাগে খিলঞ্জীয়া লোকক চৰকাৰী আদেশযোগে বিদেশী সজোৱা কাৰ্যই বাৰুকৈ চৰ্চিত হৈ পৰিছে।

হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং হাজো গাঁও পঞ্চায়তৰ এটি নিৰ্দেশনাই খিলঞ্জীয়া লোকক বিদেশী অথবা অনুপ্ৰৱেশকাৰী সজাই বিতৰ্কৰ মাজত সোমাই পৰিছে। পঞ্চায়তখনৰ অন্তৰ্গত সবিৰ আলী নামৰ লোকৰজনৰ দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টিত হৈছিল এটি প্রধানমন্ত্ৰী আৱস যোজনাৰ ঘৰ।

কিন্তু ৰহস্যজনকভাৱে সবিৰ আলীক ঘৰ প্ৰদান নকৰি ২নং হাজো পঞ্চায়তৰ সভাপতি, সচিব আৰু হাজো উন্নয়ন খণ্ডই প্ৰদান কৰিলে অন্য হিতাধিকাৰীক। উপান্তৰ হৈ সবিৰ আলীয়ে সমুদাই ঘটনা কাৰ্য্যালয় গৈ বিচাৰি উলিওৱাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, বছৰ বছৰ ধৰি বসবাস কৰা সবিৰ আলীৰ পৰিয়ালটোক বিদেশী অথবা অনুপ্ৰৱেশকাৰী সজোৱাত উপায়ন্তৰ হৈ পৰিছে পৰিয়ালটো।

খিলঞ্জীয়া লোকক বিদেশী সজালে হাজোৰ গ্ৰামোন্নয়ন বিভাগে
এজন শিক্ষকেৰে চলিছে কঠিয়াতলী শিক্ষা খণ্ডৰ প্ৰাথমিক বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in