শিলচৰত ৪০ টা চোৰাং মোবাইলসহ ৩জনক গ্ৰেপ্তাৰ

শিলচৰত ৪০ টা চোৰাং মোবাইলসহ ৩জনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
শিলচৰত ৪০ টা চোৰাং মোবাইলসহ ৩জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,শিলচৰ : চুৰি মোবাইল ফোনৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। এই চোৰাং মোবাইল ফোনৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে শিলচৰত ৪০ টা চুৰি মোবাইল ফোন জব্দ কৰাৰ লগতে ঝাৰখণ্ডৰ এটা মোবাইল চোৰ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

৪০ টা মোবাইলৰ সৈতে ঝাৰখণ্ড চাহেবগঞ্জৰ ৩জন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰথমে ৩চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোপন তথ্যৰ ভিত্তিত শিলচৰৰ সদৰ থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা শিলচৰৰ মধুৰবন্দত অভিযান চলায় বুলি জানিবলৈ দিয়ে।

এই অভিযান কালত আৰক্ষীয়ে ভাড়াতীয়া হিচাপে থকা সীতা ৰাম কুমাৰ, চোনু মাহাটো আৰু ৰবি কুমাৰৰ পৰা ৪০টা চুৰি স্মাৰ্টফোন উদ্ধাৰ কৰে। বৰ্তমান তিনিওজনকে আৰক্ষীয়ে সোধা-পোছা কৰি আছে।

Also Read: মহাষ্টমীত লামডিং লৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Silchar crime Assam police