নিশাৰ অন্ধকাৰত কৰিমগঞ্জত কোনে জ্বলাই দিলে পুৰণি মন্দিৰ?

নিশাৰ অন্ধকাৰত কৰিমগঞ্জত কোনে জ্বলাই দিলে পুৰণি মন্দিৰ?

author-image
Asomiya Pratidin
New Update
নিশাৰ অন্ধকাৰত কৰিমগঞ্জত কোনে জ্বলাই দিলে পুৰণি মন্দিৰ?

ডিজিটেল ডেস্কঃ বাংলাদেশত নহয় এইবাৰ কৰিমগঞ্জৰ ৰাতাবাৰী কেন্দ্ৰত শতিকা পুৰণি শিৱ আৰু নাৰায়ণৰ মন্দিৰ জ্বলাই দিলে দুৰ্বৃত্তই। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰে দুৰ্লভছড়া দামছৰা জনজাতি গাঁৱত।

Advertisment

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা কেন্দ্ৰৰ দুৰ্লভছড়া গাঁও পঞ্চায়তৰ দামছৰা পুঞ্জীত ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰটো সোমবাৰৰ নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে। ১৮০০ চনত প্ৰয়াত দেৱী ৰাম বৰ্মনে আদিবাসী গাঁওখনত এটা মন্দিৰ প্ৰতিষ্ঠা কৰিছিল।

সেই মন্দিৰৰ শিৱ পাৰ্বতী আৰু লক্ষ্মী-নাৰায়ণৰ মূৰ্তি স্থাপন কৰা হৈছিল। প্ৰাচীন মন্দিৰত জনজাতীয় লোকসকলে শ শ বছৰ ধৰি উপাসনা কৰি আহিছে। কিন্তু সোমবাৰে নিশা দুষ্কৃতিয়ে মন্দিৰত জুই লগাই জ্বলাই দিয়ে। মন্দিৰত থকা শিৱ-পাৰ্বতী আৰু লক্ষ্মী-নাৰায়ণৰ শতিকা পুৰণি মূৰ্তি জ্বলাই দিয়ে।

স্থানীয় লোকে মঙলবাৰে পুৱা এই সমগ্ৰ ঘটনা দেখা পায়। স্থানীয় লোকে জনোৱা মতে, মন্দিৰৰ সমীপত তিনিটা সৰু সৰু প্লাষ্টিকৰ বটল পোৱা গৈছে। সেই বটলসমূহৰ পৰা পেট্ৰ'লৰ গোন্ধ ওলাই আছিল। যাৰ বাবে হিন্দুৰ আৱেগত আঘাত হানিবলৈ এয়া কোনোৱে পৰিকল্পিতভাৱে কৰা কাম বুলি দাবী কৰে স্থানীয়ই।

উল্লেখযোগ্য যে বন বিভাগৰ অনুমতি সাপেক্ষে শ শ বছৰ ধৰি দামছৰা পুঞ্জীত জনজাতীয় লোকে বসবাস কৰি আহিছে। কিন্তু যোৱা কেইবছৰমানৰ পৰা আন সম্প্ৰদায়ৰ লোকে বলপূৰ্বকভাৱে তেওঁলোকৰ মাটি দখল কৰি ঘৰ সাজিছিল। কিছুদিন আগতে আদিবাসীসকলৰ আবেদনত চৰকাৰে অন্য সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ ভাঙি পেলাইছিল।

কিন্তু তেওঁলোক আঁতৰি নগ'ল আনকি গাঁওখনৰ সংৰক্ষিত বনাঞ্চলত তেওঁ আকৌ বসবাস কৰিবলৈ আৰম্ভ কৰে ৷ ফলতে দুয়োটা সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিনীয়া কাজিয়া চলি আহিছে। কিন্তু উচ্ছেদৰ সৈতে মন্দিৰ জ্বলোৱাৰ কোনো সম্পৰ্ক আছে নে নাই সেই কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

অৱশ্যে এই ঘটনাক সনাতন ধৰ্মৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে বিজেপিৰ দুল্লভছৰা মণ্ডপৰ সভাপতি জিতেন্দ্ৰ লাল ৰায়ে।দামছৰাৰ শতিকা পুৰণি মন্দিৰ জ্বলোৱাৰ ফলত দামছৰাকে ধৰি আশে-পাশে থকা অঞ্চলসমূহত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।

কৰিমগঞ্জৰ জিলা দণ্ডাধীশ মৃদুল যাদৱ আৰু আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস তাত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সনাতন হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত কৰা দুষ্কৃতিকাৰীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় জনজাতীয় ৰাইজৰ লগতে ৰাতাবাৰী কেন্দ্ৰৰ বিজেপি নেতাসকলে।

Also Read: ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাব গৌৰৱ গগৈয়ে, নাম আছে ষ্টাৰ কেম্পেইনাৰৰ তালিকাত