/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e328fada-ac4d-4603-b3e1-507bcc3c4941/dgg.jpg)
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাব কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছে প্ৰচাৰ অভিযানৰ বাবে জাৰি কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত নাম আছে গৌৰৱ গগৈৰ।
অসমৰ কালিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে গৌৰৱ গগৈয়ে। এতিয়া গগৈয়ে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ দৰে দলৰ হৈ প্ৰচাৰ চলাব।
কংগ্ৰেছৰ অসম গোটৰ সম্পাদক গৌৰৱ সোমানিয়ে ছ'চিয়েল মিডিয়াত জনাই যে, ''ভাল খবৰ! আগন্তুক ৰাজস্থান নিৰ্বাচনত এআইচিচিৰ তাৰকা প্ৰচাৰক হিচাপে এমপি গৌৰৱ গগৈৰ নাম আছে। কংগ্ৰেছৰ সৈতে হাত মিলাওক। কংগ্ৰেছ পুনৰ আহিব ক্ষমতালৈ''।
📢 Exciting news! MP @GauravGogoiAsm has been named as a star campaigner for the AICC in the upcoming Rajasthan elections. 🌟 Let's all join hands to get @INCIndia
Congress back to power again! #RajasthanElections #GauravGogoi #AICC 🗳️🇮🇳 pic.twitter.com/BKp5qe3Ge0— Gauravv Somani (@somanigaurav) November 6, 2023
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৰাজস্থানত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰকৰ তালিকা জাৰি কৰিছিল।
উল্লেখ্য যে, চলিত মাহত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৭ নৱেম্বৰত মিজোৰাম আৰু ছত্তিশগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে বাকী ৰাজ্য সমূহত পৰৱৰ্তী সময়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।
Also Read: ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰোহীক, থিতাতে নিহত এজন