/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/71f424d3-d11d-4434-b072-9f55fa371013/2.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ বৰাক উপত্যকাৰ মাজেৰে বাংলাদেশলৈ চোৰাং ম'হৰ সৰবৰাহ ৰোধ কৰিবলৈ বিএছএফৰ অভিযান অব্যাহত আছে। এই চোৰাং পশু ধনৰ বিৰুদ্ধে অভিযান চলাই বুধবাৰে পুৱা ২১ টা চোৰাং ম'হ জব্দ কৰে বিএছএফে।
কৰিমগঞ্জ জিলাৰ লক্ষীপুৰ বাংলাদেশ সীমান্তৰ পৰা জব্দ কৰা হয় ম'হ কেইটা। বিএছএফৰ এক সুত্ৰই জানিবলৈ দিয়া মতে, জব্দ কৰা ম'হ কেইটা গোপনে বাংলাদেশলৈ সৰবৰাহৰ বাবে লক্ষীপুৰ সীমান্তলৈ লৈ গৈছিল চোৰাং ব্যৱসায়ীয়ে।
গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে বুধবাৰে পুৱা চাৰি বজাত অভিযান চলাই বিএছ এফৰ ১৩৪ নম্বৰ বেটেলিয়নে জব্দ কৰে ম'হকেইটা। এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই। জব্দ কৰা ম'হ কেইটা স্থানীয় আৰক্ষীৰ গতাই দিয়া হয়। বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাঁওতে এই বছৰ ৫৪ টা চোৰাং পশু ধন বিএছ এফে জব্দ কৰা বুলিও সুত্ৰটোৱে সদৰী কৰে।
Also Read: ধৈৰ্যৰ প্ৰতীক মহাসতী জয়মতীলৈ শ্ৰদ্ধাঞ্জলি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us