ধৈৰ্যৰ প্ৰতীক মহাসতী জয়মতীলৈ শ্ৰদ্ধাঞ্জলি

ধৈৰ্যৰ প্ৰতীক মহাসতী জয়মতীলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, চিলাপথাৰঃ সমগ্ৰ ৰাজ্যখনৰ লগতে বুধবাৰে চিলাপথাৰতো অনুষ্ঠিত হ'ল জয়মতী স্মৃতি দিৱস। মাদুৰিপথাৰ মহিলা সমাজৰ উদ্যোগত আৰু বৃহত্তৰ চিলাপথাৰবাসীৰ সহযোগত মাদুৰিপথাৰ লাচিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় এই দিৱস।

দিনযোৰা কাৰ্যসূচীৰে আয়োজিত দিৱসৰ পুৱা স্মৃতি তৰ্পণ, মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি মাল্যৰ্পন, বৃক্ষৰ পুলি ৰোপণৰ পিছতে মহাসতী জয়মতীৰ প্ৰতিমূৰ্তিত জনোৱা হয় গভীৰ শ্ৰদ্ধাৰ্ঘ। টাই ভাষাত ৰচিত গীত কবিতাৰে অসমীয়াৰ স্বাভিমান, একাগ্ৰতা,ধৈৰ্য্য আৰু ত্যাগৰ প্ৰতীক সতী জয়মতী লৈ পুষ্পাঞ্জলি আগবঢ়ায় । ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন পৰম্পৰাগত খেল ধেমালি।

ধৈৰ্যৰ প্ৰতীক মহাসতী জয়মতীলৈ শ্ৰদ্ধাঞ্জলি
আজি বিশ্ব থিয়েটাৰ দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in