টৌভঙাত কাৰ্গিল যোদ্ধা ডম্বৰ বাহাদুৰ সন্যাসীক সম্বৰ্ধনা

টৌভঙাত কাৰ্গিল যোদ্ধা ডম্বৰ বাহাদুৰ সন্যাসীক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
টৌভঙাত কাৰ্গিল যোদ্ধা ডম্বৰ বাহাদুৰ সন্যাসীক সম্বৰ্ধনা

ডিজিটেল সংবাদ,জামুগুৰিহাট : ২৫ বছৰ পূৰ্বে কৰি অহা দেশসেৱাৰ অৱদানৰ স্বীকৃতি লাভ কৰা জামুগুৰিহাটৰ টৌভঙা তৰাজান গাঁৱৰ অৱসৰী সেনা ডম্বৰ বাহাদুৰ সন্যাসিক অলপতে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্দ্ধিত কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷ কাৰ্গিল যুদ্ধৰ যোদ্ধা এইগৰাকী সেনাক কেন্দ্ৰীয় চৰকাৰে জনালে বিশেষভাৱে সন্মান ৷

Advertisment

উল্লেখ্য যে কাৰ্গিল যুদ্ধত দেশ সেৱাৰ বাবে বহু সেনা জোৱানে জীৱন বলিদান দিয়াৰ লগতে বহু সেনাই সন্মুখৰপৰা দেশ ৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হৈছিল ৷ ভয়াৱহ সেই যুদ্ধত অৱশেষত বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই ৷

উক্ত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি নিজ বাসগৃহত উপস্থিত হোৱা বীৰ জোৱানজনক লৈ গৌৰাম্বিত অঞ্চলবাসীয়ে সেয়ে এইদৰে মৰম আৰু শ্ৰদ্ধা জনাইছে ৷ ভৱিষ্যতৰ প্ৰজন্মই এইগৰাকী বীৰ জোৱানৰপৰা যাতে উৎসাহ অনুপ্ৰেৰণা লাভ কৰে সেই উদ্দেশ্যৰেই সনাতন কীৰ্তন সংঘ, নয়নজ্যোতি যুৱক সংঘ, পুৰুষোত্তম কীৰ্তন সংঘ আৰু লক্ষ্মীনাৰায়ণৰ মহিলা সংঘ ৰ সদস্য-সদস্যা-বিষয়ববীয়াসকলে ব্যক্তিগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷

Also Read: ৰঙিয়াৰ গৌৰৱ : ধৃতিস্মিতা, এনিশা, বিউতি- ৰুবুল

jamugurihat Kargil