/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2ec4f424-9189-4401-996e-496e9fb37a1c/85bab722-0dbe-490c-9332-fe14edfdbf22.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত সংস্কৃত আৰু বড়ো বিভাগত ৰঙিয়া মহাবিদ্যালয়ৰ ৪ গৰাকী শিক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগত স্নাতক চূড়ান্ত পৰীক্ষাত মূৰাৰাৰ ধৃতিস্মিতা কলিতাই ৮.১৪ শতাংশৰে প্ৰথম স্থান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cb14f0ba-ed7a-4d23-8225-4232be3dbcb7/88a62320-ff1f-4a7f-85ad-7dcfe1ad7d9b.jpg)
দ্বিতীয় স্থান লাভ কৰে মহাবিদ্যালয়খনৰে আনগৰাকী ছাত্ৰী তথা বাইহাটা চাৰিআলিৰ এনিশা বৰুৱাই। তেঁও ৮.১১ শতাংশ নম্বৰ লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6fa3750c-838e-4020-84e8-902b11e4013e/9443abf4-6ab6-4188-9d65-dbb72bc4249c.jpg)
ইফালে বড়ো বিভাগত মহাবিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে বিউতি বসুমতাৰীয়ে ৭.৯২ শতাংশৰে প্ৰথম স্থান লাভ কৰাৰ উপৰি দ্বিতীয় স্থান অধিকাৰ কৰে ৰুবুল নাৰ্ছাৰীয়ে ৭.৭৭ শতাংশৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ ৪ গৰাকী শিক্ষাৰ্থীৰ কৃতিত্বই ৰঙিয়া মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/729ef891-5bd6-4054-a4d9-8329bacef512/3acda871-8214-4609-b94c-1b3066152a74.jpg)
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত প্ৰথম স্থান লাভ কৰা ধৃতিস্মিতা কলিতাই স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে এগৰাকী মহাবিদ্যালয়ৰ প্ৰবক্তা হ'বলৈ মন থকাৰ কথা জানিবলৈ দিয়ে। ৰঙিয়াৰ মূৰাৰাৰ বিষ্ণু মন্দিৰ নিবাসী গোপাল কলিতা আৰু গীতাৰাণী কলিতাৰ জীয়ৰী ধৃতিস্মিতা কলিতাৰ কৃতিত্বত অঞ্চলজুৰি আনন্দৰ বন্যা বয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b2a0f5b6-5e72-40db-bfd5-04a018cae1d4/00fde060-7cbd-46a1-9619-2282a17c1de5.jpg)
Also Read: চিন্তাৰ নাই কাৰণ ! ঘৰলৈ আহিবলৈ দিয়া হ’ল জুবিন গাৰ্গক