কন্দলী কাৰ্বি সাংস্কৃতিক সুৰক্ষা মঞ্চৰ কাৰ্বি নৱবৰ্ষ উদযাপন

নগাঁও জিলাৰ কঠিয়াতলী বৰকন্দলী বাম গাঁৱত কন্দলী কাৰ্বি সংস্কৃতি সুৰক্ষা মঞ্চ (KKJCA)ৰ উদ্যোগত কাৰ্বি নৱবৰ্ষ দুদিনীয়াকৈ উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
কন্দলী কাৰ্বি সাংস্কৃতিক সুৰক্ষা মঞ্চৰ কাৰ্বি নৱবৰ্ষ উদযাপন

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী বৰকন্দলী বাম গাঁৱত কন্দলী কাৰ্বি সংস্কৃতি সুৰক্ষা মঞ্চ (KKJCA)ৰ উদ্যোগত কাৰ্বি নৱবৰ্ষ দুদিনীয়াকৈ উদযাপন কৰা হয়। সেই উপলক্ষে ৩১ জানুৱাৰী তাৰিখে 'কং দিলী' ক্ষেত্ৰত পুৱা বন্তি প্ৰজ্ঝলন আৰু পতাকা উত্তোলনৰে কাৰ্য্যসূচী আৰম্ভ হয়। দুপৰীয়া বাইক ৰেলী আৰু পৰম্পৰাগত খেল ধেমালী অনুস্থিত হয়।

Advertisment

বিয়লি অনুস্থিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য সূৰ্য ৰংফাৰ, খগেন ইংতি, অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাপধন নাথকে ধৰি স্থানীয় বহুলোক ।আজিৰ কাৰ্য্যসূচী অনুসৰি পুৱা গছপুলি ৰোপন আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুস্থিত হয়। বৃহস্পতিবাৰৰ নিশা ৮ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

Also Read: ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ

karbi new year kampur