ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ

ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ

ডিজিটেল সংবাদ ,ধেমাজিঃ ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে ধেমাজি জিলা ছাত্ৰ সন্থাই হাতে-হাতে বেনাৰ , পোষ্টাৰ ,প্লেকাৰ্ড লৈ বৃহস্পতিবাৰে এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ ধেমাজি তিনিআলিস্থিত শ্বহীদ উদ্যানৰ পৰা ছাত্ৰ সংগঠনটোৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে সমদল কৰি নগৰখনত অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় , ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰক , শিক্ষামন্ত্ৰী কাম নাই আদি ভিন্ন ভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে ধেমাজি নগৰ ৷

ইপিনে অতিশীঘ্ৰেই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷ ইফালে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক জয়ন্ত বৰগোহাঁইয়ে জানিবলৈ দিয়া মতে অহা ৫ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰাৰ লগতে আগুন্তুুক দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী বুলিও হুংকাৰ দিয়ে ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ! অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in