কাৰ্বি আংলঙৰ ইংলেপথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ

কাৰ্বি আংলঙৰ ইংলেপথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ পৰা নামনিলৈ নামি অহা বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে খেতিপথাৰ‌। কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বি আংলঙৰ ইংলেপথাৰ অঞ্চলৰ প্ৰায় ২০-৩০ বিঘা ধাননিপথাৰত তাণ্ডৱ চলাইছে হাতীৰ এটা বৃহৎ জাকে।

বিগত প্ৰায় এমাহ ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে‌। ফলত ৰাইজে অতি কষ্টৰে কৰা ধানখেতি নষ্ট কৰিছে হাতীৰ জাকটোৱে। উল্লেখ্যে যে কাৰ্বি পাহাৰৰ বনভূমি ক্ৰমাৎ সংকুচিত হৈ অহা ফলত খাদ্যৰ সংকটত পৰিছে বন্যহস্তী। ফলত জনাঞ্চলত খাদ্য সন্ধানত নামি আহে বৃহৎ হাতীৰ জাক।

কাৰ্বি আংলঙৰ ইংলেপথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ
বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in