বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও

বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা বিশাখাপট্টনমৰ ভিজাগ বন্দৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২৫খন মাছ মৰা কাৰ্যত ব্যৱহৃত হোৱা নাও সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বিফল হোৱাত ভাৰতীয় নৌসেনাৰ জাহাজ আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰামতে, এই অগ্নিকাণ্ডৰ ফলত ধ্বংস হোৱা প্ৰতিখন নাওৰ মূল্য প্ৰায় ১৫ লাখ টকা। এনে পৰিপ্ৰেক্ষিতত এই অগ্নিকাণ্ডটোৰ ফলত বৰ্তমানলৈ ৪ৰ পৰা ৫ কোটি টকাৰ লোকচান হোৱা বুলি অনুমান কৰা হৈছে।

বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত ৰবি শংকৰে জনোৱা মতে, দেওবাৰে নিশা প্ৰথমে এখন মাছ ধৰা নাওত অগ্নিসংযোগ হৈছিল। অগ্নিসংযোগ হোৱা নাওখন বাকী নাওসমূহৰ পৰা আঁতৰাই পঠিওৱা হৈছিল যদিও বতাহ আৰু পানীৰ প্ৰবাহে অগ্নিসংযোগ হোৱা নাওখনক পুনৰ বাকী নাওসমূহৰ কাষলৈ লৈ অহাৰ ফলতে জুই গোটেই নাওবোৰলৈ বিয়পি যায়। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, নাওকেইখনত ডিজেল কণ্টেইনাৰ আৰু গেছ চিলিণ্ডাৰে জুইত ইন্ধন যোগোৱাত সহায় কৰাৰ ফলতে সমগ্ৰ জেটি এলেকাটো জুইত জাহ গৈছে।

জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ ৰেড্ডীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। তেওঁ লগতে কয় যে, এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলিও তেওঁ জনায়। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে কোনো অপৰাধীয়ে নাওকেইখনত জুই লগাই দিয়াৰ সন্দেহ মাছমৰীয়াসকলৰ। ইয়াৰে এখন নাওত থকা দল এটাই এই অগ্নিকাণ্ড সংঘটিত কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে মাছমৰীয়াসকলে।

বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও
মহানগৰীত পুনৰ অপহৃত শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in